নৱনিৰ্বাচিত সাংসদৰ হৰ্ষধ্বনিৰে মুখৰ হ’ল চৌপাশ

আকৌ এবাৰ মোদী! মোদী!!
সংসদ ভৱনৰ চেন্ট্ৰল হল মোদীময় হ’ল

নৱ নিৰ্বাচিত সাংসদৰ হৰ্ষধ্বনিৰে মুখৰ হ’ল চৌপাশ। কানে কান মাৰি চৰকাৰলৈ অহা মোদীক স্বাগতম জনালে নৱ নিৰ্বাচিত সাংসদ, বিজেপি নেতা, বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে। আৰম্ভ হ’ল NDAৰ আনুষ্ঠানিক সংসদীয় দলৰ নেতা নিৰ্বাচনৰ প্ৰক্ৰিয়া। ৰাজনাথ সিং, আমিত শ্বাহ, নীতিন গাডকাৰীয়ে প্ৰস্তাৱ কৰিলে নৰেন্দ্ৰ মোদীৰ নাম। NDAৰ অংশীদাৰ সকলো দলে এই প্ৰস্তাৱৰ প্ৰতি সমৰ্থন আগবঢ়ালে।

আনুষ্ঠানিক ভাৱে NDAৰ সংসদীয় দলৰ নেতা নিৰ্বাচিত হোৱাৰ পিছত পুনৰ বিৰোধীৰ প্ৰতি আক্ৰমণাত্মক হৈ পৰিল প্ৰধানমন্ত্ৰী মোদী।
ক’ত হেৰাল বিৰোধীৰ EVM ইছ্যু?’
‘১০ বছৰলৈ কংগ্ৰেছে নাপায় ১০০ খন আসন’
‘INDI জোঁটৰ লোকসকল আগৰ শতিকাৰ লোক

তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাৰ পূৰ্বেই ভাষণত প্ৰধানমন্ত্ৰীয়ে ক’লে ২০২৯ৰ লোকসভাৰ কথা। INDI জোঁটৰ লোকসকল আধুনিকতাৰ বিৰোধী, প্ৰযুক্তিৰ বিৰোধী বুলি ক’লে মোদীয়ে।

এইবাৰৰ নিৰ্বাচনৰ ফলাফলে ভাৰতীয় গণতন্ত্ৰৰ গ্ৰহণ যোগ্যতা বৃদ্ধি কৰিলে
বিৰোধীয়ে NDAৰ জয়ক পৰাজয়ৰ সাজ পিন্ধাব খুজিছিল
কিন্তু NDA জিকিছিল, জিকিছে আৰু জিকি যাব

এনে আক্ৰমণেৰে NDAৰ সংসদীয় বৈঠকত বিৰোধীক টাৰ্গেট কৰি ল’লে মোদীয়ে। বিকশিত ভাৰতৰ সপোন লৈ NDA জনতাৰ কাষলৈ গৈছিল আৰু জনতাই NDAৰ ওপৰত বিশ্বাস ৰাখিলে। এই বিশ্বাসক ভৰসা কৰি চৰকাৰে কাম কৰি যাব বুলিও ক’লে প্ৰধানমন্ত্ৰীয়ে। বৈঠকৰ পিছতে চৰকাৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলে প্ৰধানমন্ত্ৰীয়ে। ৫৪৩ খন আসনৰ ভিতৰত এইবাৰ NDAই লাভ কৰিলে ২৯২খন আসন। বিজেপিয়ে ২৪০ আসনতে সীমাবদ্ধ হৈ ৰয়। এই লৈয়ে বিৰোধীয়ে মোদীক প্ৰধানমন্ত্ৰী হোৱাৰ যোগ্য নহয় বুলি মন্তব্য কৰিলেও মোদীয়ে গুৰুত্ব নিদিলে বিৰোধীৰ অভিযোগক।

5 COMMENTS

  1. Hey! Do you know if they make any plugins to help with SEO?
    I’m trying to get my blog to rank for some targeted keywords
    but I’m not seeing very good gains. If you know of any please share.
    Thank you! I saw similar article here: Bij nl

  2. Thank you for your sharing. I am worried that I lack creative ideas. It is your article that makes me full of hope. Thank you. But, I have a question, can you help me?

  3. Howdy! Do you know if they make any plugins to assist with
    SEO? I’m trying to get my site to rank for some targeted keywords but I’m not seeing
    very good gains. If you know of any please share.

    Thanks! I saw similar blog here: Coaching

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আছু-উন্নতি সভা-অসম সেনাৰ আহ্বানত ১৮ মাৰ্চত ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী সজাগতা সমদল

অসমৰ ভৱিষ্যৎ ৰক্ষাৰ্থে, অসমক ড্ৰাগছমুক্ত কৰাৰ লক্ষ্যৰে সদৌ অসম...

গ্ৰীণ কাৰ্ড থাকিলেও আমেৰিকাত আজীৱন বসবাস কৰিব নোৱাৰিব! মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ বক্তব্যত উদ্বেগ

গ্ৰীণ কাৰ্ড থাকিলেও আমেৰিকাত স্থায়ীভাৱে অনিৰ্দিষ্টকাললৈ বসবাস কৰাৰ সুবিধা...

বিয়াৰ বাবে ১ লাখ টকাৰ সাহায্য আৰু মেধাৱী কন্যাৰ বাবে স্কুটী

'বেটী বচাও বেটী পঢ়াও' আঁচনিৰ অধীনত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে...