মোদী কেবিনেটত কোটিপতি–অপৰাধীৰ সমাহাৰ

গুৱাহাটী, ১০ জুলাই, NKTV: মোদী কেবিনেটত ভিৰ বাঢ়িছে কোটিপতি আৰু অপৰাধী মন্ত্ৰীৰ। মন্ত্ৰীসভাৰ ৯০ শতাংশ সদস্য কোটিপতি হোৱাৰ বিপৰীতে ৪২ শতাংশৰ বিৰুদ্ধে আছে ফৌজদাৰী গোচৰ। ASSOCIATION FOR DEMOCRATIC REFORMS–এ সমীক্ষা চলাই প্ৰকাশ কৰিছে এই তথ্য। শেহতীয়া সম্প্ৰসাৰণৰ পিছত মোদী মন্ত্ৰীসভাৰ ৭৮জন মন্ত্ৰীৰ অপৰাধ অতীত আৰু ধন-সম্পত্তিৰ বিষয়ে সমীক্ষা চলাই লাভ কৰা তথ্য অনুসৰি ৭৮জন মন্ত্ৰীৰ ৩৩জনৰ বিৰুদ্ধে আছে ফৌজদাৰী অপৰাধ গোচৰ। ইয়াৰে ২৪জনৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ আছে। শতকৰা হিচাপত মন্ত্ৰীসভাৰ ৪২ শতাংশ সদস্য অপৰাধ গোচৰত অভিযুক্ত আৰু ইয়াৰে ৩১ শতাংশ সদস্যৰ বিৰুদ্ধে হত্যা, হত্যাৰ চেষ্টা, সাম্প্ৰদায়িক সংঘৰ্ষ আদি গোচৰ আছে।

মন্ত্ৰীসভাৰ ৭০জন মন্ত্ৰী কোটিপতি আৰু তেওঁলোকৰ ১৬.২৪ কোটি টকাকৈ গড় ধন-সম্পত্তি আছে। শতকৰা হিচাপত মন্ত্ৰীসভাৰ ৯০ শতাংশ সদস্য কোটিপতি। মন্ত্ৰীসভাৰ ১১গৰাকী সদস্য মহিলা। শতকৰা হিচাপত মহিলাৰ সংখ্যা ১৪ শতাংশ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...