মহাৰাষ্ট্ৰৰ প্ৰথমখন নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰীৰ আক্ৰমণ বিৰোধীক

‘কংগ্ৰেছ অসত্যৰ দোকান’। মহা বিকাশ আঘাড়ীয়ে পাকিস্তানৰ এজেণ্ডা লৈছে! মহাৰাষ্ট্ৰৰ প্ৰথমখন নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰীৰ আক্ৰমণ বিৰোধীক।

ৰাহুল গান্ধীৰ প্ৰেমৰ দোকানত অসত্যৰ দোকান। ২০ নৱেম্বৰত মহাৰাষ্ট্ৰত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰত নামিল প্ৰধানমন্ত্ৰী মোদী। শুকুৰবাৰে ধুলেত প্ৰথমখন নিৰ্বাচনী সভা সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে। NDA প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল প্ৰধানমন্ত্ৰীয়ে আক্ৰমণৰ লক্ষ্য কৰি ল’লে ৰাহুল গান্ধীক। ৰাহুল গান্ধীৰ হিংসাৰ বজাৰত প্ৰেমৰ দোকান খোলা কংগ্ৰেছৰ শ্ল’গানক নসাৎ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ক’লে কংগ্ৰেছে অসত্যৰহে দোকান খুলিছে।

কাশ্মীৰৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈছে ‘ইণ্ডিয়া’! জম্মু-কাশ্মীৰৰ নিৰ্বাচনত বিৰোধীয়ে ভুৱা প্ৰতিশ্ৰুতি দিছিল। ৩৭০ ধাৰা পুনৰ বলৱৎ কৰিম বুলি মিছা কথা কৈছিল। পাকিস্তানৰ এজেণ্ডা লৈ বিৰোধীয়ে ৰাজনীতি কৰাৰ অভিযোগ কৰি প্ৰধানমন্ত্ৰীয়ে মহা বিকাশ আঘাড়ীক এনে নকৰিবলৈ আহ্বান জনায়। মহাৰাষ্ট্ৰত প্ৰধানমন্ত্ৰীয়ে নখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। মহাৰাষ্ট্ৰৰ নিৰ্বাচনী যুঁজে আকৰ্ষণীয় ৰূপ লৈছে শাসক-বিৰোধী জপিয়াই পৰিছে প্ৰচাৰত। শিৱসেনাৰ একনাথ সিন্দে গোট, NCPৰ অজিত পাৱাৰ গোটে মহাযুটী জোঁট গঠন কৰি মহা বিকাশ আঘাড়ীৰে যুঁজিবলৈ কঁকালত টঙালি বান্ধিছে। শাৰদ পাৱাৰ, উদ্ধৱ থাকৰেৰ নেতৃত্বত যোৰ-দাৰ প্ৰকাশ চলাইছে মহা বিকাশ আঘাড়ীয়ে। ইয়াৰ লগতে শুকুৰবাৰৰ পৰা নিৰ্বাচনী প্ৰচাৰত নামে প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্বাচনী প্ৰচাৰে মহাৰাষ্ট্ৰত পুনৰ বিজেপি, সিন্দে সেনা আৰু অজিত পাৱাৰৰ NCPক পুনৰ ক্ষমতালৈ আনিব বুলি আশা কৰিছে শাসকীয় পক্ষই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...