নতুন সংসদ ভৱন উদ্বোধনৰ বিৰোধিতাৰে দিয়া PIL নাকচ

২৮ মে’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব দেশৰ নতুন সংসদ ভৱন। কিন্তু এই নতুন সংসদ ভৱন প্ৰধানমন্ত্ৰীয়ে নে ৰাষ্ট্ৰপতিয়ে উদ্বোধন কৰিব লাগে তাক লৈ দ্বি-বিভক্ত হৈ পৰিছে দেশৰ ৰাজনৈতিক দলসমূহ। ইয়াৰ মাজতে সংসদ ভৱন উদ্বোধনৰ বাবে ৰাষ্ট্ৰপতিক আমন্ত্ৰণ জনোৱাৰ আৰ্জিৰে দাখিল কৰা এখন লেখ আবেদন উচ্চতম ন্যয়ালয়ে খাৰিজ কৰিছে।

নতুন সংসদ ভৱন উদ্বোধনৰ বিৰোধিতাৰে দিয়া PIL নাকচ

উচ্চতম ন্যায়ালয়ে নাকচ কৰিলে এই সন্দৰ্ভত দাখিল কৰা এখন আবেদন

PILখন গ্ৰহণ কৰিবলৈ অনিচ্ছুক ন্যায়ালয়ে সকীয়ালে আবেদনকাৰীকো

ৰাষ্ট্ৰপতিৰ স্থানত প্ৰধানমন্ত্ৰীয়ে সংসদ ভৱন উদ্বোধন কৰাক লৈ বিতৰ্ক অব্যাহত

অহা ২৮ মে’ৰ দিনা দিল্লীত উদ্বোধন হ’ব নতুন সংসদ ভৱন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ বাবে উছৰ্গা কৰিব নতুন সংসদ ভৱন। কিন্তু এই সংসদ ভৱন ৰাষ্ট্ৰপতিৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰাক লৈ ইতিমধ্যে ২১টা বিৰোধী দলে উদ্বোধনী অনুষ্ঠান বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰি থৈছে। ইয়াৰ মাজতে শুকুৰবাৰে উচ্চতম ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰিছিল অধিবক্তা চি আৰ জয়া ছুকিন। ৰাষ্ট্ৰপতিক আমন্ত্ৰণৰ বাবে ন্যায়ালয়ৰ হস্তক্ষেপ কামনা কৰা হৈছিল আবেদনখনত। কিন্তু উচ্চতম ন্যায়ালয়ে এই লেখ আবেদন গ্ৰহণ­ কৰিবলৈ অস্বীকাৰ কৰে। ন্যায়ালয়ৰ মতে এই আবেদনখনৰ কোনো যুক্তি–যুক্ততা নাই। এই বিষয়টো ন্যায়ালয়ৰ আওতাৰ ভিতৰত নপৰে বুলিও ন্যায়ালয়ে উল্লেখ কৰিছে।

২৮ মে’ৰ উদ্বোধনী অনুষ্ঠান বৰ্জন কৰিব ২১টা বিৰোধী ৰাজনৈতিক দলে

১৭টা ৰাজনৈতিক দলে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব বুলি কৰিছে ঘোষণা

বিজেপিয়ে গণতান্ত্ৰিক প্ৰমূল্যক কুঠাৰঘাত কৰিছে বুলি অভিযোগ বিৰোধীৰ

বিৰোধী পক্ষইহে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ প্ৰতি অংগুষ্ঠ দেখুৱাইছে বুলি মন্তব্য বিজেপিৰ

এই বিতৰ্কৰ মাজতে ২৮ মে’ৰ উদ্বোধনী অনুষ্ঠান সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকসভা, ৰাজ্যসভা সচিবালয়ে চেষ্টা অব্যাহত ৰাখিছে।

NKTV Digital
Author: NKTV Digital

2381 COMMENTS

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...