৩টা কেৰ্কেটুৱাৰ পোৱালি উদ্ধাৰ কৰি ডাঙৰ–দীঘল কৰিলে মনোজ গগৈয়ে

বিগত ডেৰ দশক কালজুৰি দুৰ্গত বন্যপ্ৰাণীক উদ্ধাৰ, পৰিচৰ্যাৰ পিছত অৰণ্যত মুকলি কৰি দি আহিছে প্ৰকৃতিকৰ্মী মনোজ গগৈয়ে। শেহতীয়াকৈ দুৰ্গত ৩টা কেৰ্কেটুৱাৰ পোৱালিক উদ্ধাৰ কৰি নিজ হাতে গাখীৰ খুৱাই ডাঙৰ–দীঘল কৰাৰ পিছত অৰণ্যত এৰি প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে কাজিৰঙাৰ এই অক্লান্ত প্ৰকৃতিকৰ্মীজন। চাওক আমাৰ এক প্ৰতিবেদন।

কেৰ্কেটুৱাৰ ৩টা এদিনীয়া কণমানি পোৱালি

মুমূৰ্ষ অৱস্থাত উদ্ধাৰ হৈছিল কাজিৰঙাৰ কাষৰ এখন গাঁৱৰ পৰা

এই পোৱালিকেইটাক গাখীৰ খুৱাই ডাঙৰ কৰি এৰি দিয়া হ’ল অৰণ্যত

পৰিৱেশ কৰ্মী মনোজ গগৈৰ বিৰল কাৰ্য প্ৰত্যক্ষ কৰিলে আপুনিও হৈ পৰিব আবেগিক

কাজিৰঙাত বিগত ডেৰ দশক ধৰি দুৰ্গত বন্যপ্ৰাণী উদ্ধাৰৰ ক্ষেত্ৰত প্ৰভূত অৱদান আগবঢ়াই আহিছে পৰিৱেশ কৰ্মী মনোজ গগৈয়ে। অসংখ্য বনৰীয়া পশু–পক্ষীক দুৰ্গত অৱস্থাত অৰণ্যৰ পৰা উদ্ধাৰ কৰি নি পৰিচৰ্যা–চিকিৎসাৰ পিছত অৰণ্যত এৰি দি আহিছে মনোজ গগৈয়ে। মনোজ গগৈৰ এই কাৰ্যই ইতিমধ্যে প্ৰকৃতিপ্ৰেমীৰ মাজত ব্যাপক সমাদৰ লাভ কৰিছে। শেহতীয়াকৈ কেৰ্কেটুৱাৰ ৩টাকৈ কণমানি পোৱালিক মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰি দুমাহ পৰিচৰ্যাৰ পিছত অৰণ্যত এৰি দিয়াৰ কাহিনীয়ে ইতিমধ্যে সংবাদমাধ্যমৰ শিৰোনাম দখল কৰিছে। কাজিৰঙাৰ জীপ চাফাৰি সংস্থাৰ সদস্য গিয়াছ আহমেদে তামোল গছৰ পৰা সৰি পৰা আৰু মুমূৰ্ষ অৱস্থাত থকা কেৰ্কেটুৱাৰ ৩টাকৈ পোৱালি উদ্ধাৰ কৰি অৰ্পণ কৰিছিল মনোজ গগৈক। এই এদিনীয়া পোৱালিকেইটাক নিজ হাতেৰে গাখীৰ খুৱাই ডাঙৰ–দীঘল কৰিছিল গগৈয়ে। শেষত কেৰ্কেটুৱা পোৱালি কেইটাক গছত বগোৱাৰ ২০ দিনীয়া প্ৰশিক্ষণৰ অন্তত অৰণ্যত এৰি দিয়ে মনোজে।

মনোজৰ এই কাৰ্যত প্ৰকৃতিপ্ৰেমীসকলে উচ্চ প্ৰশংসা কৰিছে। পূৰ্বতেও এনেদৰে অনেক দুৰ্গত বন্যপ্ৰাণীক উদ্ধাৰ কৰি অৰণ্যত এৰি দিছিল মনোজে। কাজিৰঙাক মনোজ গগৈৰ দৰে প্ৰকৃতিকৰ্মীৰ নিত্যান্তই প্ৰয়োজন আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...