নতুন সংসদ ভৱন উদ্বোধনৰ বিৰোধিতাৰে দিয়া PIL নাকচ

২৮ মে’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব দেশৰ নতুন সংসদ ভৱন। কিন্তু এই নতুন সংসদ ভৱন প্ৰধানমন্ত্ৰীয়ে নে ৰাষ্ট্ৰপতিয়ে উদ্বোধন কৰিব লাগে তাক লৈ দ্বি-বিভক্ত হৈ পৰিছে দেশৰ ৰাজনৈতিক দলসমূহ। ইয়াৰ মাজতে সংসদ ভৱন উদ্বোধনৰ বাবে ৰাষ্ট্ৰপতিক আমন্ত্ৰণ জনোৱাৰ আৰ্জিৰে দাখিল কৰা এখন লেখ আবেদন উচ্চতম ন্যয়ালয়ে খাৰিজ কৰিছে।

নতুন সংসদ ভৱন উদ্বোধনৰ বিৰোধিতাৰে দিয়া PIL নাকচ

উচ্চতম ন্যায়ালয়ে নাকচ কৰিলে এই সন্দৰ্ভত দাখিল কৰা এখন আবেদন

PILখন গ্ৰহণ কৰিবলৈ অনিচ্ছুক ন্যায়ালয়ে সকীয়ালে আবেদনকাৰীকো

ৰাষ্ট্ৰপতিৰ স্থানত প্ৰধানমন্ত্ৰীয়ে সংসদ ভৱন উদ্বোধন কৰাক লৈ বিতৰ্ক অব্যাহত

অহা ২৮ মে’ৰ দিনা দিল্লীত উদ্বোধন হ’ব নতুন সংসদ ভৱন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ বাবে উছৰ্গা কৰিব নতুন সংসদ ভৱন। কিন্তু এই সংসদ ভৱন ৰাষ্ট্ৰপতিৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰাক লৈ ইতিমধ্যে ২১টা বিৰোধী দলে উদ্বোধনী অনুষ্ঠান বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰি থৈছে। ইয়াৰ মাজতে শুকুৰবাৰে উচ্চতম ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰিছিল অধিবক্তা চি আৰ জয়া ছুকিন। ৰাষ্ট্ৰপতিক আমন্ত্ৰণৰ বাবে ন্যায়ালয়ৰ হস্তক্ষেপ কামনা কৰা হৈছিল আবেদনখনত। কিন্তু উচ্চতম ন্যায়ালয়ে এই লেখ আবেদন গ্ৰহণ­ কৰিবলৈ অস্বীকাৰ কৰে। ন্যায়ালয়ৰ মতে এই আবেদনখনৰ কোনো যুক্তি–যুক্ততা নাই। এই বিষয়টো ন্যায়ালয়ৰ আওতাৰ ভিতৰত নপৰে বুলিও ন্যায়ালয়ে উল্লেখ কৰিছে।

২৮ মে’ৰ উদ্বোধনী অনুষ্ঠান বৰ্জন কৰিব ২১টা বিৰোধী ৰাজনৈতিক দলে

১৭টা ৰাজনৈতিক দলে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব বুলি কৰিছে ঘোষণা

বিজেপিয়ে গণতান্ত্ৰিক প্ৰমূল্যক কুঠাৰঘাত কৰিছে বুলি অভিযোগ বিৰোধীৰ

বিৰোধী পক্ষইহে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ প্ৰতি অংগুষ্ঠ দেখুৱাইছে বুলি মন্তব্য বিজেপিৰ

এই বিতৰ্কৰ মাজতে ২৮ মে’ৰ উদ্বোধনী অনুষ্ঠান সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকসভা, ৰাজ্যসভা সচিবালয়ে চেষ্টা অব্যাহত ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...