স্থানীয় ৰে’লত যাত্ৰা কৰা ঘোঁৰাৰ ফটো ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত

আপুনি হয়তো ৰে’লত মানুহ অথবা বিভিন্ন সামগ্ৰী কঢ়িওৱাৰ কথাহে শুনিছে। পিছে ঘোঁৰাই ৰে’লত যাত্ৰা কৰাৰ কথা কেতিয়াবা শুনিছেনে? ৰে’লত যাত্ৰা কৰা এটা ঘোঁৰাৰ আলোকচিত্ৰ এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। এই ফটোখনে সামাজিক মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে। স্থানীয় ৰে’লত ভ্ৰমণ কৰা ঘোঁৰাটোৰ আলোকচিত্ৰ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। ৰে’ল কৰ্তৃপক্ষই এই আলোকচিত্ৰখনৰ সত্য পৰীক্ষা কৰিবলৈ তদন্তৰ নিৰ্দেশ দিয়ে। ফটোখনত, ঘোঁৰাটোক মালিকৰ কাষত এখন জনবহুল স্থানীয় ৰে’লত থিয় হৈ থকা দেখা গৈছে৷ খবৰ অনুসৰি, ঘটনাটো শিয়ালদাহ-ডায়মণ্ড হাৰ্বাৰ ডাউন স্থানীয় ৰে’লত গৈছে এই দৃশ্য।

জানিবপৰা অনুসৰি ঘোঁৰাটোৱে দক্ষিণ ২৪ পৰগণাৰ বাৰুইপুৰত অনুষ্ঠিত দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি উভতি আহিছিল। আলোকচিত্ৰখন স্থানীয় ৰে’লৰ চিয়ালদাহ-ডায়মণ্ড হাৰ্বাৰত তোলা হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো...

অন্ধ্ৰপ্ৰদেশত পথ নিৰ্মাণৰ সময়ত ভয়ংকৰ বিস্ফোৰণ; দুৰ্ঘটনাত প্ৰাণ গ’ল ৫জনৰ

অন্ধ্ৰপ্ৰদেশৰ আল্লুৰি সীতাৰাম ৰাজু জিলাত শনিবাৰে পুৱা পথ বহলীকৰণৰ...

তিনিচুকীয়াৰ বাৰেকুৰিত বিশ্ব হলৌ দিৱস উদযাপন, সংৰক্ষণ আৰু পৰ্যটনৰ বিকাশত গুৰুত্ব

হলৌ উদ্যান হিচাপে পৰিচিত তিনিচুকীয়া জিলাৰ বাৰেকুৰিৰ ২১খন গাঁৱৰ...

এছিয়ান পেৰা গেমছত ভাৰতৰ ঐতিহাসিক সাফল্য: ৩০টা সোণসহ মুঠ ১১৪টা পদক অৰ্জন

জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত পঞ্চম এছিয়ান পেৰা গেমছৰ আজি সামৰণি...