KLOৰ সৈতে শান্তি আলোচনা : কোচ ৰাজবংশী জাতীয় পৰিষদৰ আদৰণি

স্বাধীন কমতাপুৰ গঠনৰ দাবীত সশস্ত্ৰ সংগ্ৰাম কৰি অহা জীৱন সিংহ নেতৃত্বাধীন কমতাপুৰ লিবাৰেশন অৰগেনাইজেছন (KLO)ৰ সৈতে ভাৰত চৰকাৰৰে শান্তি আলোচনালৈ এখোজ আগুৱাই অহাৰ খবৰে সমগ্ৰ কোচ ৰাজবংশী জনসাধাৰণক আনন্দিত কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ টুইটক কোচ ৰাজবংশী জাতীয় পৰিষদে উষ্ম আদৰণি জনাইছে ৷

এক প্ৰেছ বিবৃতি যোগে কেএলঅৰ সেনাধ্যক্ষ জীৱন সিংহ শান্তি আলোচনালৈ আগ্ৰহ প্ৰকাশ কৰা বাবে আৰু শান্তি আলোচনাৰ বাট প্ৰশস্ত কৰা বাবে ভাৰত চৰকাৰৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ কোচ ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে ধন্যবাদ জনায় ৷ বিশ্বজিৎ ৰায়ে আশা প্ৰকাশ কৰে যে, কেএলঅ আৰু ভাৰত চৰকাৰৰ মাজত হ’ব লগা আকাঙ্খিত শান্তি আলোচনাই ভাৰত চৰকাৰ আৰু কমতাপুৰৰ মাজত থকা ৰাজনৈতিক সংঘাটৰ অৱসান হব আৰু কোচ ৰাজবংশী সকলোৰ দীৰ্ঘদিনীয়া সমস্যাৰ স্থায়ী সমাধান হব ৷ কেএলঅ আৰু ভাৰত চৰকাৰৰ মাজত হব লগা শান্তি আলোচনা আগুৱাই নিয়া আৰু সকলোৰে গ্ৰহণযোগ্য সমাধান সূত্ৰ উলিয়াবলৈ চলিত ডিচেম্বৰ বা জানুৱাৰী মাহত অসম-পশ্চিম বংগৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন জাতীয় সংগঠন, বুদ্ধিজীৱী, বিশিষ্ট নাগৰিক আৰু শিক্ষাবিদৰ উপস্থিতিত এখন জাতীয় অভিৱৰ্তন অনুষ্ঠিত কৰিব বুলি সংবাদমেল যোগে জনায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...