জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ দিনা এজন অচিনাক্ত ব্যক্তিৰ সৎকাৰ কৰে পথিকে

অসমৰ মুকুটবিহীন সম্ৰাট, অসমৰ মান জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ দিন আজি৷ সমগ্ৰ অসম আজি জুবিন গাৰ্গৰ দেহ পঞ্চভূতত বিলীন হোৱাৰ বেদনাত দগ্ধ৷ সেই একে সময়তে অন্যতম বেচৰকাৰী তথা স্বেচ্ছাসেৱী অনুষ্ঠান ‘পথিক’ৰ প্ৰকল্প ‘মুক্তিপথ’ৰ উদ্যোগত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ আৰক্ষী চকীৰ সহযোগত এগৰাকী অচিনাক্ত ব্যক্তিক যোৰহাট তৰাজান শ্মশানত একে সময়তে সৎকাৰ কৰা হয়৷ জুবিনে যেনেকৈ কৈছিল – তেওঁৰ কোনো জাতি নাই, তেওঁৰ কোনো ধৰ্ম নাই, তেওঁৰ কোনো ভগৱান নাই, তেওঁ মুক্ত।

ঠিক তেনে ভাৱনাৰেই পথিকৰ এই মুক্তিপথৰ কৰ্ম আৰু কাৰ্যসূচী৷ জুবিন অসমৰ আত্মা হৈ পৰিছে৷ তাৰ আধাৰতে প্ৰশাসনৰ অনুমতিৰ সাপেক্ষে এই অচিনাক্ত ব্যক্তি জনক আজি সকলো নিয়ম-নীতিৰে পথিকৰ যোৰহাটৰ সমন্বয়ক সঞ্জীৱ শইকীয়া, সমাজকৰ্মী সাংবাদিক বসন্ত দত্ত, আৰক্ষী উপ পৰিদৰ্শক কৈলাশ শইকীয়া, নৰেন ফুকন, দীপক কলিতা আৰু শ্মশানৰ কৰ্মকৰ্তা সকলৰ সহযোগেৰে অন্তিম সৎকাৰ কৰা হয়৷ উল্লেখযোগ্য যে, এই ব্যক্তিজন বিগত ১৭ ছেপ্টেম্বৰৰ সন্ধ্যা যোৰহাট পুৰণি বাছ আস্থানৰ কাষত মুমূৰ্ষ অৱস্থাত পৰি থকা দেখি সাংবাদিক বসন্ত দত্তই পথিকলৈ সহায়ৰ বাবে ফোন কৰিছিল৷ পথিকৰ সমন্বয়ক সঞ্জীৱ শইকীয়াই ততাতৈয়াকৈ যোৰহাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাহুল দেউৰীৰ সহযোগত স্থানীয় দুজন ব্যক্তি আৰু সাংবাদিক বসন্ত দত্ত আৰু 108ৰ সহায় লৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে৷ কিন্ত, পাছদিনাই ব্যক্তিজন ঢুকায়৷ পৰৱৰ্তী সময়ত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ আৰক্ষীয়ে চৰকাৰী নীতিৰে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি মৰ্গত ৭২ ঘণ্টা চিনাক্তকৰণ কাৰ্যসূচীৰ বাবে ৰাখে৷ আজিলৈকে কোনো চিনাক্ত কৰিবলৈ নোলোৱাৰ বাবে যোৰহাট প্ৰশাসনৰ অনুমতি সাপেক্ষে অচিনাক্ত ব্যক্তিজনৰ সৎকাৰৰ দায়িত্ব লয় পথিকে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...