উৰন্ত বিমানৰ ভিতৰত মোবাইলত লাগিল জুই

বৃহস্পতিবাৰে ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল ডিব্ৰুগড়ৰ পৰা দিল্লী আভিমুখী INDIGOৰ বিমান। ডিব্ৰুগড়ৰ পৰা দিল্লী অভিমুখী INDIGO বিমানখনৰ ভিতৰত এগৰাকী যাত্ৰীৰ মোবাইলত হঠাতে অগ্নিসংযোগ হোৱাত হাঁহাকাৰ লাগে বিমানখনৰ যাত্ৰীসকলৰ মাজত।

বিমানখনৰ এগৰাকী পৰিচাৰিকাই যাত্ৰী গৰাকীৰ ফোনৰ পৰা জুই আৰু ধোৱা ওলোৱা প্ৰত্যক্ষ কৰে। আৰু লগে লগে অগ্নিনিৰ্বাপকৰ সহায়ত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। বিমান কৰ্তৃপক্ষৰ তৎপৰতাত ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে যাত্ৰীসকল।

দুপৰীয়া প্ৰায় ১২.৪৫ বজাত বিমানখন দিল্লী বিমানবন্দৰত সুৰক্ষিতভাৱে অবতৰণ কৰে। উক্ত ঘটনাৰ ফলত বিমানখনৰ লগতে যাত্ৰীসকলৰো কোনো ক্ষয়ক্ষতি হোৱা নাই বুলি বিমান কতৃপক্ষই জানিবলৈ দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...