উৰন্ত বিমানৰ ভিতৰত মোবাইলত লাগিল জুই

বৃহস্পতিবাৰে ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল ডিব্ৰুগড়ৰ পৰা দিল্লী আভিমুখী INDIGOৰ বিমান। ডিব্ৰুগড়ৰ পৰা দিল্লী অভিমুখী INDIGO বিমানখনৰ ভিতৰত এগৰাকী যাত্ৰীৰ মোবাইলত হঠাতে অগ্নিসংযোগ হোৱাত হাঁহাকাৰ লাগে বিমানখনৰ যাত্ৰীসকলৰ মাজত।

বিমানখনৰ এগৰাকী পৰিচাৰিকাই যাত্ৰী গৰাকীৰ ফোনৰ পৰা জুই আৰু ধোৱা ওলোৱা প্ৰত্যক্ষ কৰে। আৰু লগে লগে অগ্নিনিৰ্বাপকৰ সহায়ত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। বিমান কৰ্তৃপক্ষৰ তৎপৰতাত ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে যাত্ৰীসকল।

দুপৰীয়া প্ৰায় ১২.৪৫ বজাত বিমানখন দিল্লী বিমানবন্দৰত সুৰক্ষিতভাৱে অবতৰণ কৰে। উক্ত ঘটনাৰ ফলত বিমানখনৰ লগতে যাত্ৰীসকলৰো কোনো ক্ষয়ক্ষতি হোৱা নাই বুলি বিমান কতৃপক্ষই জানিবলৈ দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...