শিক্ষকৰূপী এগৰাকী আৰক্ষী, পদপথেই পঢ়াশালি

শিক্ষকৰূপী এগৰাকী আৰক্ষী। নাম প্ৰকাশ ঘোষ। চাউথ ইষ্ট ট্ৰেফিক গাৰ্ডৰ চাৰ্জেন্ট হিচাপে কৰ্মৰত প্ৰকাশ। বালিগঞ্জ আইটিআইৰ ওচৰত কৰ্তব্যৰত অৱস্থাত প্ৰতিদিনে এটি শিশুক তেওঁ খেলি থকা দেখিবলৈ পাইছিল৷ তৃতীয় শ্ৰেণীত অধ্যয়নৰত শিশুটি। শিশুটিৰ মাতৃয়ে ওচৰৰ পথৰ কাষৰ ভোজনালয়ত কাম কৰে। শিশুটিৰ উন্নত ভৱিষ্যতৰ আশাত শিশুটিৰ মাতৃয়ে শিশুটিক এখন চৰকাৰী বিদ্যালয়ত অতি কষ্টেৰে পঢ়োৱাই আছে। মাতৃগৰাকীয়ে তেওঁৰ সন্তানৰ বাবে যথেষ্ট আশা কৰে কিন্তু তেওঁৰ সপোনৰ দৰিদ্ৰতাই হৈ পৰিছে৷

তেওঁলোকৰ এই সমস্যাত প্ৰকাশে যিমান পাৰে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল। প্ৰকাশৰ যিদিনা কৰ্তব্যত থাকে তেওঁ শিকোৱাৰ বাবে সময় উলিয়াই লয়। প্ৰকাশে শিশুটিক হোমৱৰ্ক দিয়ে আৰু ইয়াক চোৱা, বানানৰ ভুল, উচ্চাৰণ, হস্তাক্ষৰ সংশোধন কৰা, এই সকলোবোৰ প্ৰকাশে কৰি দিয়ে।

পুত্ৰৰ নিৰন্তৰ বিকাশৰ ফলস্বৰূপে, শিক্ষকৰূপী প্ৰকাশৰ ওপৰত মাতৃৰ অসীম আস্থাৰ জন্ম হৈছে। বৰ্তমান সময়ত চাৰ্জেন্ট প্ৰকাশ ঘোষে তেওঁৰ দুয়োটা কৰ্তব্য সমান দক্ষতাৰে চম্ভালি আছে। ট্ৰেফিক পুলিচজনে ফুটপাথতে এটি শিশুক শিকাই থকাৰ দৃশ্য এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...