৫ বিদেশী ৰাষ্ট্ৰৰ লগতে বিভিন্ন ৰাজ্যৰ দুশৰো অধিক বিপনীৰ অংশগ্রহণ

বৰ্ণিল কাৰ্যসূচীৰে ইণ্টাৰনেশ্যনেল লিঅ’ এক্সপ’ উদ্বোধন কৰিলে সাংসদ কুইন ওজাই

মহানগৰীৰ মণিৰাম দেৱান আন্তর্জাতিক বাণিজ্য কেন্দ্রত আজিৰে পৰা আৰম্ভ হৈছে ২৪ তম ইণ্টাৰনেচনেল লিঅ’ এক্সপ’। ৰাজ্যৰ আটাইতকৈ পুৰণি আৰু বৃহত্তম বাণিজ্য মেলাখন শুকুৰবাৰে সন্ধিয়া উদ্বোধন কৰে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই।

অনুষ্ঠানত সাংসদগৰাকীয়ে এই এক্সপ’খনে গ্রাহকসকলক আন্তর্জাতিক বাণিজ্যৰ সোৱাদ দিয়াৰ দেশৰ ভিন্ন প্ৰান্তৰ সামগ্রী একে স্থানতে ক্ৰয় কৰাৰ সুবিধা প্রদান কৰাৰ বাবে লিঅ’ এক্সপ’ উদ্যোক্তা লিঅ’ এডভার্টাইজিঙৰ শলাগ লয়। এই উদ্বোধনী অনুষ্ঠানত লিঅ’ এক্সপ’ সন্মান প্রদান সমিতিৰ অধ্যক্ষা, যশস্বী অভিনেত্রী মলয়া গোস্বামী তথা সমিতিখনৰ সদস্য দুই জ্যেষ্ঠ সাংবাদিক প্রণয় বৰদলৈ-প্রশান্ত ৰাজগুৰু আৰু অসম চৰকাৰৰ সংস্থা অসম ট্রেড প্রম’শ্যন অর্গানেইজেশ্যনৰ অধ্যক্ষ সুনীল ডেকাই বিশিষ্ট অতিথিৰূপে অংশ লয়।

লিঅ’ এডভার্টাইজিঙৰ সঞ্চালকদ্বয় পাৰভেজ খান, আকবৰ খান আৰু শ্বেহনাজ খানে অংশগ্রহণ কৰে। অহা ১৮ ডিচেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া এই লিঅ’ এক্সপ’ত থাইলেণ্ড, আফগানিস্তান, বাংলাদেশৰ লগতে ৫খন বিদেশী ৰাষ্ট্ৰৰ উপৰি ভাৰতৰ বিভিন্ন ৰাজ্যৰ ২ শতাধিক প্রতিষ্ঠানৰ সা-সামগ্ৰী উপলব্ধ হৈছে।

এইবছৰৰ লিঅ’ এক্সপ’ অন্যতম আকর্ষন হৈছে আমেৰিকাৰ প্ৰসিদ্ধ হোৱাইট হাউচৰ আৰ্হিত নিৰ্মাণ কৰা মূল মঞ্চ আৰু কাৰ্যালয়ভৱন। গ্ৰাহকৰ মনোৰঞ্জনৰ বাবে লিঅ’ এক্সপ’ত এক ছেলফি জন’ স্থাপন কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...