ডকাইতিৰ উদ্দেশ্যে এটা ভয়ানক ঘটনা

ডকাইতিৰ উদ্দেশ্যে এটা ভয়ানক ঘটনা। এটা অট্টালিকাত অকলে থকা বৃদ্ধ দম্পতিক নৃশংস আক্ৰমণ কৰিলে দুষ্কৃতিকাৰীয়ে। হাস্পতাললৈ নিয়াৰ পথত মৃত্যু হ’ল বৃদ্ধৰ। এতিয়াও জীৱন-মৃত্যুৰে যুঁজিছে পত্নীয়ে। কোচবিহাৰৰ পৰা অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে আক্ৰমণকাৰী শম্ভু কাহাৰক।

টকা…
কেৱল টকা
টকাৰ বাবেই নৃশংসতা

পুত্ৰ কৰ্মসূত্ৰে থাকে বেংগালুৰুত। জীয়ৰী থাকে আমেৰিকাত। এই বিশাল অট্টালিকাত দুই বৃদ্ধ-বৃদ্ধা। কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত অভিযন্তা ৭২ বছৰীয়া তপন চক্ৰৱৰ্তী আৰু তেওঁৰ পত্নী ডি এন হিম্মতসিংকা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী মধুমিতা চক্ৰৱৰ্তীয়ে বাস কৰিছিল এইটো ঘৰত।
২৯ নৱেম্বৰৰ পুৱা ঘটিল এটা শিহৰণকাৰী ঘটনা
হাতত চোকা অস্ত্ৰ লৈ ঘৰটোত প্ৰৱেশ কৰিলে দুৰ্বৃত্ত। আৰু নৃশংস আক্ৰমণ কৰিলে বৃদ্ধ-বৃদ্ধাক। ৰক্তাক্ত হৈ পৰিল ঘৰটোৰ মজিয়া।
কোকৰাঝাৰ চহৰৰ বিধানপল্লীত সংঘটিত চাঞ্চল্যকৰ ঘটনা
মুমূৰ্ষু অৱস্থাত দুয়োকে প্ৰেৰণ কৰা হল হাস্পতাললৈ। কিন্তু আদবাটতে মৃত্যু হল অৱসৰপ্ৰাপ্ত অভিযন্ত তপন চক্ৰৱৰ্তীৰ। আহত মধুমিতা চক্ৰৱৰ্তীয়ে এতিয়াও মৃত্যুৰে যুঁজিছে। কিন্তু কোনে সংঘটিত কৰিছিল এই ঘটনা। ঘটনা সংঘটিত হোৱাৰ পাছতেই আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত। অভিযান চলাই আৰক্ষীয়ে
কোচবিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰে হত্যাকাৰী শম্ভু কাহাৰক
ডকাইতিৰ উদ্দেশ্যেই দুয়োকে আক্ৰমণ কৰিছিল শম্ভু কাহাৰে

শম্ভু কাহাৰ ঘৰ আচলতে কোচবিহাৰৰ কটোৱালীত। কোকৰাঝাৰত তেওঁ ভাৰাতীয়া হিচাপে থাকে। কেৱল এই ঘটনাই নহয়। কোকৰাঝাৰতো শম্ভুৰ বিৰুদ্ধে ৰুজু হৈ আছে গোচৰ। গোচৰ আছে স্থানীয় কটোৱাল থানাতো।

আৰক্ষীয়ে হত্যাকাৰী শম্ভুক জেৰা অব্যাহত ৰাখিছে। এই ভয়ানক ঘটনা সংঘটিত কৰাৰ কথা ইতিমধ্যে স্বীকাৰ কৰিছে শম্ভুৱে। স্থানীয় ৰাইজ আৰু আত্মীয়ৰ দাবী কঠোৰ শাস্তি প্ৰদান কৰিব লাগে এইটো পাষণ্ডক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...