EXIT POLLয়ে হাঁহি আনি দিছে কংগ্ৰেছলৈ

EXIT POLLয়ে হতাশ কৰিলে ‍BJPক!
EXIT POLLয়ে হাঁহি আনি দিছে কংগ্ৰেছলৈ
অসমত EXIT POLLক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া

EXIT POLLৰ সমীক্ষাই দেখুৱাইছে মধ্যপ্রদেশ, ছত্তীশগড়, তেলেংগানাত কংগ্ৰেছৰ জয়ৰ সম্ভাৱনা। ৰাজস্থান পুনৰোদ্ধাৰ কৰিব পাৰে BJPয়ে। মিজোৰামত থাকিব আঞ্চলিক দলৰ প্ৰভাৱ। কিন্তু এই সমীক্ষাই স্বাভাবিকতে অসন্তুষ্ট কৰিছে বিজেপিক। ৫ ৰাজ্যৰ নিৰ্বাচনত বিজেপি আৰু সহযোগী দলৰ লৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই EXIT POLLক লৈ প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া।

দেশক কংগ্ৰেছমুক্ত কৰিব বুলি কৈ থকাসকলে স্বাভাবিকতে এই EXIT POLLৰ বিৰোধিতা কৰিছে। অসমতো শাসকীয় পক্ষই মানি লোৱা নাই EXIT POLLক। কংগ্ৰেছকে ধৰি বিৰোধীয়ে EXIT POLLৰ সমীক্ষাই ৩ ডিচেম্বৰৰ ফলাফলৰ ইংগিত বুলি মন্তব্য কৰিছে।

ৰাষ্ট্ৰীয় পৰ্যায়ত ইতিমধ্যে প্ৰতিক্ৰিয়া অব্যাহত আছে। মমতা বেনাৰ্জীয়ে এয়া দিল্লী দখলৰ ছেমি ফাইনেল বুলি মন্তব্য কৰিছে। কিন্তু বিজেপিৰ দাবী ৩ ডিচেম্বাৰত উৰি যাব EXIT POLLৰ সমীক্ষা। কেউখন ৰাজ্যত NDAই চৰকাৰ গঠন কৰিব। কেইবাটাও সংবাদ প্ৰতিষ্ঠানে চলাইছিল সমীক্ষা। সামগ্ৰিকভাৱে এই সমীক্ষাই দেখুৱাইছে ছত্তীশগড়ৰ ৯০খন আসনৰ ভিতৰত কংগ্ৰেছে ৪০ৰ পৰা ৫৩খন লাভ কৰিব। বিজেপি ৩৬ৰ পৰা ৪৫খনৰ ভিতৰত সীমাবদ্ধ থাকিব। মধ্যপ্ৰদেশত ক্ষমতাছ্যুত হ’ব বিজেপি। কাণে কাণ মাৰি কংগ্ৰেছ চৰকাৰ গঠন কৰাৰ দিশে আগবাঢ়িব। অৱশ্যে দুই এটা সংস্থাই বিজেপিৰো সম্ভাৱনা থকা বুলি প্ৰকাশ কৰিছে। ৰাজস্থানত ২০০খন আসনৰ শতাধিক আসন পাই বিজেপিয়ে চৰকাৰ গঠন কৰিব। কংগ্ৰেছে ৯০খন আসনৰ অধিক নাপাব বুলি ইংগিত দিছে এগজিট প’লে। তেলেংগানাত এইবাৰ ক্ষমতাছ্যুত হ’ব পাৰে BSR। কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি ইংগিত দিছে এগজিট প’লে। মিজোৰামত অৱশ্যে আঞ্চলিক দলৰ প্ৰাধান্য থাকিব। নতুন আঞ্চলিক দল ZPM আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী জ’ৰাম থাংগা নেতৃত্বাধীন MNFৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতাৰ ইংগিত এগজিট প’লত।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ সৌভাগ্যশালী যাত্ৰী ৰমেশ বিশ্বাস কুমাৰ

বৃহস্পতিবাৰে আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপৰ মেঘানিনগৰত...

১০ মিনিট দেৰি কৰাৰ বাবে ফ্লাইটখন মিছ কৰিছিল এইগৰাকী সৌভাগ্যশালী মহিলাই

আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপৰ মেঘানিনগৰত এয়াৰ...

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা : ৮,২০০ ঘণ্টাৰ উৰণৰ অভিজ্ঞতা আছিল কেপ্তেইন সুমিত ছভাৰৱালৰ

আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপৰ মেঘানিনগৰত এটা...

বোৱিং ৭৮৭-৮ ড্ৰিমলাইনাৰৰ কাৰিকৰী সমস্যাৰ ইতিহাস

বোৱিং ৭৮৭-৮ ড্ৰিমলাইনাৰ, যি এখন অত্যাধুনিক বাণিজ্যিক বিমান হিচাপে...