চলচ্চিত্র বিষয়ক গ্রন্থ ‘চেলুলয়ডৰ কবিতা’ উন্মোচন

পাঁচজন বিশিষ্ট সাংবাদিকে উন্মোচন কৰিলে সাংবাদিকৰ গ্ৰন্থ

প্রাত্যহিক ব্যস্ততাপূর্ণ জীৱন যাত্ৰাৰ মাজতো জীৱনৰ ৰং বিচাৰি কেতিয়াবা বৰ্ণময় জগতখনত বিচৰণ কৰিবলৈ প্ৰয়াস কৰে এজন সাংবাদিকে। সময় বলুকাত সাঁচ বহুৱাবলৈ থকা হেঁপাহ কেতিয়াবা পূর্ণ হয়, কেতিয়াবা অপূৰ্ণ হৈ ৰয়। বিগত দুটা দশক ধৰি কলমটোকে পেছা হিচাপে লোৱা সাংবাদিক, লেখক দেৱাশিস প্রতাপৰ চলচ্চিত্র বিষয়ক প্রথমখন গ্রন্থ ‘চেলুলয়ডৰ কবিতা’ আজি গুৱাহাটীৰ মাদাৰ টেৰেছা পথস্থিত বৰ্ণ প্রিন্টাই এণ্ড পাব্লিচাৰ্ছৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে উন্মোচন কৰে ৰাজ্যৰ পাঁচজন বিশিষ্ট সাংবাদিকে। দৈনিক অসম কাকতৰ মুখ্য উপসম্পাদক পুলিন কলিতা, অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সহকাৰী সম্পাদক মণি মহন্ত, আমাৰ অসমৰ সহকাৰী সম্পাদক মন্টু শ‍ইকীয়া, জ্যেষ্ঠ চিত্র সাংবাদিক উৎপল মেনা, প্রবীণ সাংবাদিক দীপাংকৰ দেৱশর্মাই গ্রন্থখন উন্মোচন কৰে। ইয়াৰ পূৰ্বে অনুষ্ঠানটো বস্তি প্রজ্বলন কৰি মুকলি কৰে বিশিষ্ট লেখক দেৱজিৎ ভূঞাই। ভালেকইজন গণ্য মান্য ব্যক্তি উপস্থিত থকা অনুষ্ঠানটোৰ আঁত ধৰে বৰ্ণ প্ৰিণ্টাৰ্ছ এণ্ড পাব্লিচাৰ্ছৰ প্ৰকাশক অবিনাশ শৰ্মাই। উল্লেখযোগ্য যে আগন্তুক অসম গ্রন্থমেলাত ‘চেলুলয়ডৰ কবিতা’ ৰেহাই মূল্যত উপলব্ধ হ’ব।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...