আই আই টিৰ ‘চেণ্টাৰ ফৰ ইণ্ডিয়ান ন’লেজ ছিষ্টেম’ আই পি এছ বিষয়া ড° পাৰ্থসাৰথি মহন্তক সন্মানীয় ফেল’ (Honourary Fellow) নিযুক্তি

ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান (আই আই টি)ৰ ‘চেণ্টাৰ ফৰ ইণ্ডিয়ান ন’লেজ ছিষ্টেম’ (CIKS)-এ আই পি এছ বিষয়া ড° পার্থসাৰথি মহন্তক সন্মানীয় ফেল’ (Honourary Fellow) হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে। ড° মহন্তই এই প্রতিষ্ঠানৰ মৰ্যাদাপূর্ণ প্রকল্প ‘পণ্ডিত হেমচন্দ্র গোস্বামী মিছন ফৰ পপুলাৰাইজেচন অব্ ছায়েন্স এণ্ড আছামিজ কালচাৰ’ৰ প্ৰতি সক্রিয় অৰিহনা আগবঢ়াব। অসমীয়া সংস্কৃতি আৰু শিক্ষা জগতৰ পুৰোধা পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ নামত নামকৰণ কৰা এই মিছনে অসমৰ স্কুল আৰু কলেজৰ ছাত্ৰ-ছাত্ৰীসকলক STEM (Science, Technology, Engineering and Mathmatics) শিক্ষাক আঁকোৱালি লোৱাত উদ্‌দ্গনি যোগাব। সমান্তৰালভাৱে এই মিছনে ছাত্র-ছাত্রীসকলক অসমীয়া ভাষা-সংস্কৃতি আৰু সাহিত্যৰ প্ৰতি অনুৰাগী কৰি তুলিব।

ড° পাৰ্থসাৰথি মহন্তৰ নেতৃত্ব আৰু পৰিকল্পনাত এই প্ৰকল্পৰ অধীনত STEM ৰ বিষয় সন্দর্ভত উদ্ভাৱনী চিন্তা, উৎসুকতা বৃদ্ধি, অসমীয়া ঐতিহ্যক সংৰক্ষণ আৰু উদ্যাপনৰ বাবে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন, শৈক্ষিক প্রতিষ্ঠানৰ সহযোগত বিজ্ঞান শিক্ষা আৰু সাংস্কৃতিক বুজাবুজিৰ মাজত সাকো গঢ়াৰ আদি বিষয়ৰ কৰ্মশালা, আলোচনাচক্র আদি অনুষ্ঠিত কৰিব। আমেৰিকাৰ প্রতিষ্ঠিত চিকিৎসক, পণ্ডিত হেমচন্দ্র গোস্বামীৰ নাতি তথা পণ্ডিত হেমচন্দ্র গোস্বামী ফাউণ্ডেচনৰ অধ্যক্ষ ড° নর গোস্বামীয়ে এই প্রকল্প আৰম্ভ কৰিছে। চেণ্টাৰ ফৰ ইণ্ডিয়া ন’লেজ ছিষ্টেমৰ মুৰব্বী অধ্যাপক উদয় এছ দীক্ষিতে এই প্ৰকল্পৰ প্ৰধান ইনভেস্টিগেটৰ হিচাপে সেৱা আগবঢ়াইছে। ৰাজহুৱা জীৱনত উল্লেখনীয় সেৱা আগবঢ়োৱা আৰু সমাজৰ উন্নয়নত আগবঢ়োৱা অৰিহনাৰ বাবে ড° পাৰ্থসাৰথি মহন্তক এই প্ৰকল্পৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব প্রদান কৰা হৈছে। এই প্রকল্পত ড° মহন্তৰ অংশীদাৰিত্বই বিজ্ঞান আৰু সংস্কৃতিৰ ক্ষেত্ৰখনত ব্যুৎপত্তি থকা শিক্ষার্থীসকলক অধিক আগ্রহী কৰিব বুলি আশা কৰা হৈছে। ‘পণ্ডিত হেমচন্দ্র গোস্বামী মিছন ফৰ পপুলাৰাইজেচন অব্ ছায়েন্স এণ্ড আছামিজ কালচাৰ’ৰ বিষয়ে অধিক তথ্য জানিবলৈ যোগাযোগ কৰক- ড° ফালাড্রাম শর্মা, ফোন: ৯০৮৫৭-০৯৭৪৭।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...