নিলম্বিত OC ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে এটাৰ পিছত আন এটা গুৰুতৰ অভিযোগ

গুৱাহাটীৰ বৰ্বৰ কাণ্ডৰ পিছতে নিলম্বিত OC ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে এটাৰ পিছত আন এটা গুৰুতৰ অভিযোগ। ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে এজন যুৱকক হত্যাৰ অভিযোগ গোৱালপাৰাৰ এটা দুৰ্ভগীয়া পৰিয়ালৰ। ২০১৫ত গোৱালপাৰা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্বত আছিল ভাৰ্গৱ বৰবৰা। পাহাৰতোলীৰ লোহিত কাছাৰী নামৰ যুৱক এজনক সুৰাসক্ত অৱস্থাত দেখি গোৱালপাৰা টাউন আৰক্ষীৰ লকআপত ভৰাইছিল বৰবৰাই। সেই নিশাই লকআপত যুৱকজনক মাৰপিট কৰাৰো অভিযোগ OC ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে। পিছত ৰহস্যজনকভাৱে যুৱকজনৰ মৃতদেহ পুৱা উদ্ধাৰ হৈছিল ব্ৰহ্মপুত্ৰৰ পাৰত। তাৰ পিছতে হাহাকাৰ লাগে পৰিয়াল তথা স্থানীয় লোকৰ মাজত। ৰাইজৰ অভিযোগ– লকআপত সুৰাসক্ত যুৱক লোহিত কাছাৰীক নিৰ্মম প্ৰহাৰ কৰাৰ বাবে মৃত্যু হৈছিল আৰু ঘটনাক গাপ দিয়াৰ উদ্দেশ্যে মৃতদেহ ব্ৰহ্মপুত্ৰৰ পাৰত পেলাই দিছিল আৰক্ষীয়ে। সমগ্ৰ কাণ্ড সংঘটিত হৈছিল তদানীন্তন OC ভাৰ্গৱ বৰবৰাৰ নেতৃত্বত। ৰহস্যজনকভাৱে যুৱকজনৰ মৃতদেহ পেলাই দিয়াৰ অভিযোগ তুলি প্ৰতিবাদো সাব্যস্ত কৰিছিল পৰিয়াল তথা ৰাইজে। কিন্তু আৰক্ষীৰ শীৰ্ষ বিষয়াৰ প্ৰলোভনত ভোল গৈছিল দুৰ্ভগীয়া দৰিদ্ৰ পৰিয়ালটো। তাৰ পিছত যেন পাহৰণিৰ গৰ্ভত সোমাই পৰিছিল সমগ্ৰ ঘটনা। শুকুৰবাৰৰ সন্ধিয়াৰ গুৱাহাটীত সংঘটিত OC ভাৰ্গৱ বৰবৰাৰ বৰ্বৰ কাণ্ড দেখি যেন পুনৰ সজীৱ হৈ উঠিল গোৱালপাৰাৰ সেই নৃশংস ঘটনাৰ কথা। লোহিত কছাৰীৰ অকল্পনীয় মৃত্যুক সুৱৰি চকুলো টুকাৰ লগতে ভাৰ্গৱ বৰবৰাক কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে ভগ্নীয়ে৷ লোহিত কছাৰীক বৰ্বৰভাৱে হত্যা কৰি পৰিয়ালটোক ধ্বংস কৰাৰ অভিযোগত দুৰ্ভগীয়া পৰিয়ালটোৱে সমগ্ৰ বিষয়টোত মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ বিচাৰি OC বৰবৰাক বৰ্খাস্ত কৰাৰ দাবীও তুলিছে দৰিদ্ৰ পৰিয়ালটোৱে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰযুক্তিয়ে আগজাননী দিব পাৰেনে প্ৰাকৃতিক দুৰ্যোগৰ? AI, উপগ্ৰহ আৰু স্মাৰ্টফোনে কেনেদৰে কৰিব পাৰে সতৰ্ক?

নেপাল-তিব্বতৰ শেহতীয়া হিমবাহ গলন আৰু আকস্মিক দুৰ্যোগৰ পৰিপ্ৰেক্ষিতত প্ৰাকৃতিক...

ফেচবুক-ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীক লক্ষ্য কৰি ভুৱা পৰ্ণ এপৰ জাল: ফোন হাইজেক কৰি ধন লুণ্ঠন কৰিব পাৰে বিপজ্জনক মেলৱেৰে

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুক আৰু ইনষ্টাগ্ৰামত প্ৰচাৰিত ভুৱা পৰ্ণ...

নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০০ পাৰ, নতুন সতৰ্কবাৰ্তা জাৰি; ‘অকল্পনীয় দুৰ্যোগ’ : প্ৰধানমন্ত্ৰী বলেন শ্বাহ

নেপালত হোৱা প্ৰলয়ংকৰী আকস্মিক বানপানীৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি...