ডিগবৈত খাদ্যত বিষক্ৰিয়া

চলি আছিল এক ধৰ্মীয় অনুষ্ঠান। সকলোৱে আনন্দ মনেৰে অংশগ্ৰহণ কৰিছিল অনুষ্ঠানত। ডিগবৈ বাপাপুং নামঘৰত অনুষ্ঠিত হৈছিল ভাগৱত পাঠ অনুষ্ঠান। ভকত-বৈষ্ণৱ, আয়তী সকলোৰে মাজত উথপথপ পৰিৱেশ। যোৱা ১২ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছিল অখণ্ড ভাগৱত পাঠ অনুষ্ঠান। সকলো ব্যস্ত হৈ পৰিছিল ভাগৱত পাঠত। গ্ৰহণ কৰিছিল মা-প্ৰসাদ। এফালে ভকতে প্ৰস্তুত কৰিছিল খিচিৰি। সকলোৱে গ্ৰহণ কৰিছিল সেই খাদ্য। কিন্তু ১৩ নৱেম্বৰত খোৱা খাদ্যৰ পাছতেই ঘটিল অঘটন। ভকতে প্ৰস্তুত কৰা খিচিৰি খোৱাৰ পিছতেই প্ৰচণ্ড মূৰৰ বিষ, শৌচ, বমিত আক্ৰান্ত হয় বহুলোক। ততাতৈয়াকৈ অসুস্থসকলক লৈ যোৱা হয় চিকিৎসালয়লৈ। সংকটজনক অৱস্থাত ডিগবৈ আই অ চিৰ চিকিৎসালয়ত চিকিৎসাধীন বহু পুৰুষ মহিলা। ইপিনে বহুকেইজন লোকক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈও প্ৰেৰণ কৰা হৈছে।

এই পৰ্যন্ত সংকটমুক্ত নহয় একাংশ লোক। অৱশ্যে খিচিৰি সেৱন কৰি অসুস্থ হৈ পৰা বুলি সন্দেহ প্ৰকাশ কৰিছে যদিও প্ৰকৃততে কিহৰ বাবে স্বাস্থ্যৰ অৱনতি ঘটিল বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই। এই ঘটনাই এতিয়া তৈলনগৰী ডিগবৈৰ পাৰ্শ্বৱৰ্তী বাপাপুং অঞ্চলবাসীৰ মাজত চেঁপা উত্তজেনাই বিৰাজ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰিয়া-ৰামানুজ-ৰক্তাক্ত কোঠা আৰু কিছু অকথ্য…

মাতৃ-পিতৃ-ভাতৃ আৰু সকলোতকৈ ভালপোৱা মানুহজনৰ লগত বিয়া হৈ মৰমৰ...

ৰিজৱান-ইমামৰ ফোনত কি বিচাৰিলে PCB-এ?

ইংলেণ্ড ভ্ৰমণত পাকিস্তান ক্ৰিকেট দলত ব্যাপক পৰিৱৰ্তন। তৃতীয়খন টেষ্টৰ...

শিৰচ্ছেদ কৰি পত্নীক নৃশংস হত্যা স্বামীৰ; পলিথিনত ভৰাই ফ্ৰিজত ৰাখিল শিৰ

মহানগৰীৰ বেলতলাত পুনৰাবৃত্তি ২০২২ চনৰ দিল্লীৰ শ্ৰদ্ধা ৱালকাৰ আৰু...

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...