জঘন্য কাণ্ডই জোকাৰি গ’ল নগাঁও

দুটাকৈ নৃশংস হত্যাকাণ্ডই দেওবাৰে পুৱাই জোকাৰি গ’ল নগাঁও হয়বৰগাঁৱৰ ২নং মোলাপট্টি। মোলাপট্টিৰ পুৰণি গৌৰী বেকাৰীত পুৱাৰ ভাগতে উদ্ধাৰ হ’ল দুটাকৈ মৃতদেহ। হয়বৰগাঁৱত বনজুইৰ দৰে বিয়পি পৰিল এই চাঞ্চল্যকৰ খবৰ। ঘটনাস্থলীত উৎসুক ৰাইজৰ ভিৰ। স্থানীয় ৰাইজ আৰু বেকাৰী কৰ্তৃপক্ষই দিয়া খবৰৰ ভিত্তিত পুৱাই ঘটনাস্থলীত উপস্থিত হ’ল হয়বৰগাঁও আৰক্ষী। উদ্ধাৰ হোৱা মৃতদেহ দুটা আছিল বেকাৰীৰ কৰ্মচাৰীৰ। নিহত উত্তম দাস আৰু অভিজিৎ সাহা। ৰক্তাক্ত অৱস্থাত পৰি আছিল মৃতদেহ দুটা।

ঘটনাস্থলীত উপস্থিত হৈ তন্ন তন্নকৈ অনুসন্ধান আৰম্ভ কৰিছিল আৰক্ষীয়ে। প্ৰাৰম্ভিক সোধা পোচা আৰু প্ৰাথমিক তদন্তৰ পিছতে চিনাক্ত হৈছিল উত্তম আৰু অভিজিতৰ হত্যাকাৰী। অভিযুক্ত এজনেই আছিল- ইন্দ্ৰমোহন পাল। ঘটনাস্থলীত আৰক্ষীয়ে তদন্ত কৰি থকা সময়ত পলাতক অৱস্থাত আছিল অভিযুক্ত ইন্দ্ৰমোহন। আৰক্ষীৰ এটা দলে ইন্দ্ৰমোহনক বিচাৰি আৰম্ভ কৰিলে অভিযান। আন এটা দলে ঘটনাস্থলীত ক্লু উদ্ধাৰত লাগিল। ফৰেনছিকৰ দলেও ঘটনাস্থলীত সংগ্ৰহ কৰিলে দুটাকৈ হত্যাৰ তথ্য-প্ৰমাণ।

কিছু সময় পিছতে হয়বৰগাঁও আৰক্ষীয়ে গ্ৰপ্তাৰ কৰিলে ডাবল মাৰ্ডাৰৰ অভিযুক্ত ইন্দ্ৰমোহন পালক। ইন্দ্ৰমোহনে বেলনা মাৰীৰে কোবাই কোবাই হত্যা কৰিছিল উত্তম আৰু অভিজিতক। বেকাৰীৰ অন্য কৰ্মচাৰীৰ সৈতে প্ৰায়েই সুৰাপান কৰি সংঘাতত লিপ্ত হোৱাৰ অভিযোগ ইন্দ্ৰমোহনৰ বিৰুদ্ধে। নিহত অভিজিতক পূৰ্বে দগাৰে মৰিয়াই হত্যাৰ চেষ্টা চলাইছিল অভিযুক্ত ইন্দ্ৰমোহনে। আৰক্ষীৰ হাতত প্ৰাপ্ত তথ্য অনুসৰি শনিবাৰেও সুৰাপান কৰি কাজিয়া কৰিছিল ইন্দ্ৰমোহনে। তাৰ পিছতেই দুটাকৈ লোমহৰ্ষক হত্যাকাণ্ড।

বেকাৰীৰ অন্য কৰ্মচাৰীৰ অভিযোগ উগ্ৰ স্বভাৱ ইন্দ্ৰমোহনে প্ৰায়েই কাজিয়াত লিপ্ত হোৱাৰ পিছতো কম দৰমহাৰ বাবেই মালিকে চাকৰিত ৰাখি থৈছিল তেওঁক। পূৰ্বেই মালিকে ইন্দ্ৰমোহন কৰ্মৰ পৰা অব্যাহতি দিয়াহেঁতেন উত্তম আৰু অভিজিতৰ প্ৰাণৰক্ষা পৰিলহেঁতেন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ কৰ্তৃপক্ষৰ তৎপৰতাঃ যাত্ৰীক ঘূৰাই দিলে ১০ লাখতকৈও অধিক মূল্যৰ বিদেশী মুদ্ৰা

গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ কৰ্তৃপক্ষৰ তৎপৰতা আৰু...

বিশ্বকাপৰ মাজতে পত্নীৰ গৰ্ভস্থ সন্তানৰ মৃত্যু! নেদাৰলেণ্ডৰ ক’ডি গাকপোৱে শোকৰ মাজতে খেলিছে বিশ্বকাপ ফুটবল

বিশ্বকাপৰ মাজভাগত দুঃখবৰ। পত্নীৰ গৰ্ভস্থ সন্তানৰ মৃত্যুৰ শোকৰ সৈতে...

ছ’চিয়েল মিডিয়াত ভাইৰেল অফাৰ, ১ টকাৰ SALEৰ বাবে মুম্বাইত হাহাকাৰ

মুম্বাইৰ মালাডস্থিত ইনফিনিটি মলত শনিবাৰে এক অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি...

মূৰত চুলি নথকাৰ বাবে বাগদত্তাই হত্যা কৰিছিল নেকি কেতন আগৰৱালক?

মূৰত চুলি নথকাৰ বাবে বাগদত্তাই হত্যা কৰিছিল নেকি কেতন...