২০২১ বৰ্ষৰ ১১ জুনৰ জঘন্য অভয়াখুঁটি কাণ্ডৰ ৩জনক দোষী সাব্যস্ত

জঘন্য অভয়াখুঁটি কাণ্ডৰ ৩জনক দোষী সাব্যস্ত কৰে আদালতে। পাৰিজুল ৰহমান, নাচিবুল আলী শ্বেখ আৰু মুজাম্মিল শ্বেখক দোষী সাব্যস্ত। ৮ এপ্ৰিলত কোকৰাঝাৰ জিলা বিশেষ আদালতে ঘোষণা কৰিব শাস্তিৰ পৰিমাণ। কোকৰাঝাৰ জিলা বিশেষ আদালতে আজি প্ৰদান কৰে অভয়াখুঁটি কাণ্ডৰ চূড়ান্ত ৰায়। প্ৰায় ৯ মাহ পূৰ্বে অভয়াখুঁটিত দুগৰাকী কিশোৰীক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰা হৈছিল। হাবিৰ এজোপা গছত ওলোমাই থোৱা হৈছিল দুয়োৰে মৃতদেহ। ২০২১ বৰ্ষৰ ১১ জুনত সংঘটিত হৈছিল এই ঘটনা। ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হৈছিল ৭ অভিযুক্তক। ৭ অভিযুক্তৰ ৩ মূল অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে আদালতত দাখিল কৰিছিল চাৰ্জশ্বীট। ৩ মূল অভিযুক্ত আছিল পাৰিজুল ৰহমান, নাচিবুল আলী শ্বেখ আৰু মুজাম্মিল শ্বেখ। এই ঘটনাক লৈ সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছিল চাঞ্চল্যৰ। ধৰ্ষণ আৰু হত্যাৰ বলি দুই কিশোৰীৰ মাতৃক ক্ষিপ্ৰ তদন্ত আৰু শীঘ্ৰ ন্যায়ৰ আশ্বাস দিছিল মুখ্যমন্ত্ৰীয়ে। ইতিমধ্যে গোচৰটো সন্দৰ্ভত শুনানি সম্পূৰ্ণ হৈছিল বিশেষ আদালতত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ব্ৰিটিছবিৰোধী সংগ্ৰামৰ দুই বীৰ ছহিদ পিয়লি ফুকন-জীউৰাম দুলীয়া বৰুৱাক আজি শ্ৰদ্ধাৰে স্মৰণ

ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে অসমৰ মাটিত আত্মবলিদান দিয়া পিয়লি...

খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ মাজতে ভাৰতীয় টকাৰ মূল্য এসপ্তাহৰ সৰ্বনিম্ন স্তৰলৈ

বৃহস্পতিবাৰে আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ০.২ শতাংশ...

দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্যিক কেবিনেটৰ বৈঠক সম্পন্ন; কি কি ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ ৰাজ্যিক কেবিনেটৰ?

দিছপুৰৰ লোকসেৱা ভৱনত বৃহস্পতিবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও...

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তেজনা

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ...