প্ৰথম সন্তানক আদৰিবলৈ সাজু বলীউডৰ ছুপাৰষ্টাৰ ৰণবীৰ-দীপিকা

প্ৰথম সন্তানক আদৰিবলৈ সাজু বলীউডৰ ছুপাৰষ্টাৰ ৰণবীৰ-দীপিকা
নতুন পৰিচয়ৰ অপেক্ষাত জনপ্ৰিয় তাৰকাদ্বয়

সামাজিক মাধ্যমত নিঃসংকোচে আন্তৰিক মুহূৰ্তৰ ফটো শ্বেয়াৰ কৰে দীপিকা পাডুকন, ৰণবীৰ সিঙে। ছচিয়েল মিডিয়াত প্ৰায়ে দেখা যায় ৰণবীৰ-দীপিকাৰ মৰমৰ যুগলবন্ধী। সম্প্ৰতি জীৱনৰ এটা বিশেষ মুহূৰ্তক আদৰিবলৈ আগবাঢ়িছে এই জনপ্ৰিয় তাৰকা দম্পতি। সম্প্ৰতি দুয়োৰে প্ৰায়বোৰ ফটোৱে বিশেষ চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত।

প্ৰায়ে ফটোগ্ৰাফাৰৰ কেমেৰাত বন্দী হৈছে মাতৃসম্ভৱা দীপিকা
চৰ্চালৈ আহিছে দীপিকা পাডুকনে পৰিধান কৰা কাপোৰ
দীপিকাৰ গাৰ বৰণক লৈয়ো চৰ্চা নেটিজেনৰ

বলীউডৰ অন্যতম ধুনীয়া দম্পতী হিচাপে পৰিচিত দীপিকা-ৰণবীৰ। প্ৰথমে প্ৰেম, তাৰ পাছত বিবাহ আৰু এতিয়া সন্তানৰ বাবে অপেক্ষা কৰিছে বাজিৰাও-মস্তানীয়ে। শেষবাৰৰ বাবে বলীউডৰ ফাইটাৰ ছবিখনত দেখা গৈছিল মস্তানীখ্যাত দীপিকাক।

সম্প্ৰতি মুক্তিৰ পথত দীপিকাৰ আগন্তুক ছবি ‘কল্কী 2898 খ্ৰীষ্টাব্দ’
সমান্তৰালকৈ ৰোহিত শ্বেট্টীৰ ‘সিংহম এগেইন’তো দেখা যাব দীপিকাক
আনহাতে, ‘DON 3’ত ডনৰ চৰিত্ৰত দেখা যাব ৰণবীৰক

এফালে ছবি আনফালে সন্তান। দুয়োটাৰ আগমনে যেন উৎফুল্লিত কৰি ৰাখিছে ৰণবীৰ সিং-দীপিকা পাডুকনক।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...