CWCত ৰাহুলক বিৰোধী দলপতি কৰাৰ প্ৰস্তাৱ

লোকসভাত জনতাৰ কণ্ঠ হওক ৰাহুল গান্ধী
CWCত ৰাহুলক বিৰোধী দলপতি কৰাৰ প্ৰস্তাৱ
ছোনিয়া গান্ধী হ’ব কংগ্ৰেছ সংসদীয় দলৰ নেত্ৰী!

লোকসভা নিৰ্বাচনত বিৰোধী জোঁট ‘ইণ্ডিয়া’ৰ উজ্জ্বীবিত প্ৰদৰ্শন পিছত শনিবাৰে অনুষ্ঠিত হোৱা CWCৰ বৈঠকত প্ৰায় সকলো কংগ্ৰেছৰ নেতাই প্ৰশংসাৰে ওপচালে ৰাহুল গান্ধীক। ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ বাবেই বাবেই কংগ্ৰেছে আজি সফলতা লাভ কৰিবলৈ সক্ষম হোৱা বুলি একেমুখে ক’লে কংগ্ৰেছৰ বিভিন্ন নেতাই। বৰ্তমান পৰ্যায়ত লোকসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰত্যাহ্বান জনাবলৈ হ’লে ৰাহুল গান্ধীৰ দৰে নেতা বিৰোধী দলপতি হোৱা উচিত।

উত্তৰপূৱৰ নিৰ্বাচনী ফলাফলক AICC নেতৃত্ব যথেষ্ট সুখী

CWCৰ বৈঠকত অংশ লৈ ৰাহুল গান্ধীয়ে এয়া জনতাৰ জয় বুলি মন্তব্য কৰে। বৈঠকৰ অন্তত অনুষ্ঠিত সংবাদমেলত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশ আৰু কে চি বেনুগোপালে বৈঠকত হোৱা আলোচনাৰ সবিশেষ অৱগত কৰে।

‘কংগ্ৰেছ জনতাৰ লগত থাকিব’
‘প্ৰধানমন্ত্ৰীৰ নৈতিক পৰাজয় হৈছে’
‘লোকসভা নিৰ্বাচনত সাধাৰণ জনতা, কৃষক-শ্ৰমিক, সংখ্যালঘূৰ জয় হৈছে’
‘কংগ্ৰেছৰ সামাজিক, আৰ্থিক ন্যায়, জাতি গণনা বিষয় জনতাই আদৰি লৈছে’

পশ্চিমবংগসহ যিসমূহ ৰাজ্যত কংগ্ৰেছৰ ফলাফল বেয়া হৈছে তাক পৰ্যালোচনা কৰা হ’ব। দলৰ সভাপতিয়ে প্ৰতিখন ৰাজ্যৰ বাবে একোখন পৰ্যালোচনা সমিতি গঠন কৰিব। দেওবাৰে অনুষ্ঠিত হ’ব লগা নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান সম্পৰ্কত জয়ৰাম ৰমেশে কয়–

কংগ্ৰেছ আৰু I.N.D.I.A.ই মোদীৰ শপতগ্ৰহণলৈ আমন্ত্ৰণ পোৱা নাই
আমন্ত্ৰণ পালে আলোচনা কৰা হ’ব
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাইহে লাভ কৰিছে আমন্ত্ৰণ

সেয়া যিয়ে নহওক, নিৰ্বাচন পিছত অনুষ্ঠিত CWCৰ প্ৰথমখন বৈঠকে স্পষ্ট কৰিছে এইবাৰ প্ৰথমৰ পৰাই কংগ্ৰেছে মোদী চৰকাৰৰ বিৰুদ্ধে পৰিকল্পিত ভাবে ৰণত নামিব।

NKTV Digital
Author: NKTV Digital

5 COMMENTS

Popular

More like this
Related

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...

সন্তানক বিদ্যালয়লৈ গো-মাংস দি পঠিওৱা মাতৃক গ্ৰেপ্তাৰ

সন্তানক বিদ্যালয়লৈ গো-মাংস দি পঠিওৱা মাতৃক গ্ৰেপ্তাৰ। নৱম শ্ৰেণীৰ...

বেদখলকাৰীৰ ৰেহাই নাই… ভাঙি পেলোৱা হ’ল প্ৰায় ৫৫টা অবৈধ ঘৰ

দয়া নাই ক্ষমা নাই নীতিৰে ৰাজ্যত পুনৰ আৰম্ভ প্ৰশাসনৰ...

মৃত্যুক লৈ ব্যৱসায়! প্ৰাক্তন অভিযন্তাৰ কাণ্ডত তোলপাৰ বিশ্ব

মৃত্যুক লৈ ব্যৱসায়! কেতিয়াও নোহোৱা নোপোজা ঘটনা ঘটিল এইখন...