কি কি সুবিধা লাভ কৰিব নতুন সাংসদসকলে?

নিৰ্বাচন শেষ, সংসদলৈ দেশৰ ভোটাৰে পঠিয়ালে ৫৪৩ গৰাকী সাংসদ
নতুন সাংসদসকলে কিমান টকাৰ দৰমহা পাব?
কি কি সুবিধা লাভ কৰিব এই সাংসদসকলে?

নিৰ্বাচন শেষ, দেও‍বাৰে গঠন হ’ব কেন্দ্ৰীয় মন্ত্ৰীসভা। অচিৰেই বহিব লোকসভাৰ অধিৱেশন। শপত ল’ব নৱ নিৰ্বাচিত ৫৪৩ গৰাকী সাংসদে। দেশৰ সাংসদসকলে লাভ কৰে ৬টা অংকৰ দৰমহাৰ লগতে অন্যান্য সা-সুবিধা।

সাংসদসকলে মাহে দৰমহা হিচাপে পাব ১ লাখ টকা
সংসদীয় সমষ্টিত কাম কৰাৰ বাবে প্ৰতি মাহে পাব ৭০,০০০ টকাৰ ভাট্টা
দিল্লীত নিজৰ কাৰ্যালয় চলাবৰ বাবে একোজন সাংসদে পাব ৬০,০০০ টকা

নিজৰ সংসদীয় সমষ্টিত কাৰ্যালয় খোলা আৰু তাত নিযুক্ত কৰ্মচাৰীসকলৰ বাবে সাংসদসকলে লাভ কৰিব ৭০,০০০ টকাৰ এই ভাট্টা। ৰাজধানী দিল্লীৰ কাৰ্যালয় পৰিচালনা কৰা আৰু তাত নিযুক্ত কৰ্মচাৰীৰ দৰমহাৰ বাবদ প্ৰতিমাহে ৬০,০০০ টকাৰ ভাট্টা দিয়া হয় সাংসদসকলক।

অধিবেশন চলা সময়ত প্ৰতিদিনে সাংসদসকলে লাভ কৰিব অতিৰিক্ত ভাট্টা
প্ৰতিগৰাকী সাংসদে প্ৰতিদিনে লাভ কৰিব ২০০০ টকাৰ এই ভাট্টা
বছৰত ৩৪ বাৰ বিনামূলীয়াকৈ বিমান যাত্ৰাৰো সুবিধা পাব সাংসদসকলে
বিনামূলীয়া এই বিমান যাত্ৰাত তেওঁলোকে সংগী কৰি ল’ব পাৰে নিকটাত্মীয়ক
ৰে’লৰ প্ৰথম শ্ৰেণীত বিনামূলীয়া ভ্ৰমণৰ সুবিধা বছৰজুৰি লাভ কৰিব তেওঁলোকে

ইফালে নৱনিৰ্বাচিত সাংসদসকলে সমষ্টিত ভ্ৰমণৰ কালত গাড়ীৰ ইন্ধনৰ বাবেও প্ৰতি কিলোমিটাৰত ১৬ টকা হিচাপে পৰিবহন ভাট্টা লাভ কৰিব লোকসভা সচিবালয়ৰ পৰা।দিল্লীত প্ৰতিগৰাকী সাংসদে ৫ বছৰৰ বাবে লাভ কৰিব বিনামূলীয়াকৈ বাংলো আৰু গাড়ী।অৱশ্যে এই বাংলোৰ আকাৰ নিৰ্ভৰ কৰিব সাংসদজন কেইবাৰ নিৰ্বাচিত হৈছে তাৰ ওপৰত।আনহাতে অৱসৰৰ পিছত সাংসদসকলে প্ৰতিমাহে লাভ কৰিব বৃহৎ পৰিমাণৰ পেঞ্চন। এবাৰ সাংসদ হ’ব পাৰিলে এইদৰে লাভ কৰিব পৰা যায় বহু চৰকাৰী সুবিধা।

NKTV Digital
Author: NKTV Digital

5 COMMENTS

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...