অযোধ্যাৰ ৰাম মন্দিৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অযোধ্যাৰ ৰাম মন্দিৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
পুত্ৰ সহ ৰামলালাৰ আশিস ল’লে মুখ্যমন্ত্ৰীয়ে
ৰাম মন্দিৰ দৰ্শন কৰি কংগ্ৰেছৰ বিয়জ উল্লাসক তীব্ৰ কটাক্ষ
পুনৰ গান্ধী পৰিয়াললৈ তৰ্জনী হিমন্তবিশ্বৰ

লোকসভা নিৰ্বাচনৰ পূৰ্বে ততাতৈয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিলে অযোধ্যাৰ ৰাম মন্দিৰ। কিন্তু সেই অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা নহ’ল দেশৰ ৰাজ্যৰ সমূহৰ মুখ্যমন্ত্ৰীসকলক। তাৰ পিছতে আৰম্ভ হ’ল নিৰ্বাচনী ব্যস্ততা। অৱশেষত নিৰ্বাচনী ব্যস্ততা সামৰি অযৌধ্যাৰ ৰাম মন্দিৰত শনিবাৰে উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। প্ৰধানমন্ত্ৰী মোদীৰ আগন্তুক কাৰ্যকালৰ সফলতাৰ বাবে মুখ্যমন্ত্ৰীয়ে ল’লে ভগৱানৰ আশিস।

বিগত নিৰ্বাচনত বিজেপিৰ ফলাফল হতাশজনক হোৱা বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আমি নিৰ্বাচন হৰাই নাই। তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হোৱাৰ অভিলেখহে গঢ়িলে মোদীয়ে।

চৰকাৰ গঠন কৰিব নোৱাৰিলেও বিৰোধীৰ বিজয় উল্লাসক লৈ মুখ্যমন্ত্ৰীৰ কটাক্ষ ১০ বছৰে বিৰোধীৰ আসনত থকাৰ পিছটো ১০০খন আসনো নাপালে কংগ্ৰেছে। এই ক্ষেত্ৰত গান্ধী পৰিয়া জৱাৱদিহি হ’ব বুলিয়েই একাংশই পপাগণ্ডা কৰি পৰাজয়ৰ উল্লাস পাতিছে।

সদ্য সমাপ্ত নিৰ্বাচনত বিজেপিৰ অন্যতম ইছ্যু আছিল ৰাম মন্দিৰ নিৰ্মাণ। তথাপি উত্তৰ প্ৰদেশতে পূৰ্বতকৈ শোচনীয় হ’ল বিজেপিৰ ফলাফল। সেই সন্দৰ্ভত সাংবাদিকে শোধা প্ৰশ্নৰ উত্তৰত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য ৰাম মন্দিৰ কেতিয়াও নিৰ্বাচনী ইছ্যু হ’বই নোৱাৰে।

ইফালে ৰামমন্দিৰ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীৰ ঘোষণা অসম চৰকাৰৰ খৰচত এক লাখ লোকক পঠিওৱা হ’ব ৰামমন্দিৰ দৰ্শনৰ বাবে। দৰিদ্ৰলোকসকলৰ ৰামলালাৰ দৰ্শনৰ হাবিয়াস পূৰণ কৰিবলৈ অসম চৰকাৰে কৰিব সহায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৮ বছৰে ৰক্ষা কৰিলে কাজিৰঙাৰ বন্যপ্ৰাণী, কৰ্তব্যৰ পৰা অৱসৰ কাজিৰঙাৰ K9 Leonৰ

কাজিৰঙাৰ বন্যপ্ৰাণী সুৰক্ষাত সুদীৰ্ঘ ৮ বছৰ ধৰি গুৰুত্বপূৰ্ণ ভূমিকা...

প্ৰতি আধাঘণ্টাত এজনৰ মৃত্যু, ভয়াৱহ ইব’লা সংক্ৰমণত কংগো গণৰাজ্য | ভাৰতলৈ বিয়পিব পাৰে নেকি ?

প্ৰতি আধাঘণ্টাত এজনৰ মৃত্যু। পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে...

ভাৰতীয় বেটাৰ ঋষভ পণ্টৰ ইতিহাস ৰচনা, ১০০টা ছয় সম্পূৰ্ণ কৰা প্ৰথমজন ভাৰতীয় বেটাৰ হিচাপে নতুন অভিলেখ

শ্ৰীলংকাৰ বিৰুদ্ধে গালেত চলি থকা প্ৰথমখন টেষ্টৰ চতুৰ্থ দিনা...