চিকাগ’ত সুৰৰ মায়াজাল ৰচিলে পাপনে

সৌ সিদিনা নিউয়ৰ্কৰ টাইমছ স্কুৱেৰত বাজি উঠিছিল পাপনে গোৱা এফ্ৰ’ বিহু। মূলতঃ এঢাপ দুঢাপকৈ অসমৰ বিহুক, অসমৰ সংগীতক বিশ্ব মঞ্চলৈ লৈ উৰ্দ্ধমুখী গতি কৰিছে আপোনাৰ মোৰ আপোন অংগৰাগ পাপন মহন্তই। এইবাৰ চিকাগ’ত BENGALI ASSOCIATION OF GREATEST CHICAGO-এ আয়োজন কৰা অনুষ্ঠানত পাপনে পাপনে ৰচিলে সুৰৰ মায়াজাল।

হল ভৰি দৰ্শক নাচি উঠিল- উছাহত
পাপনেও ইটোৰ পিছত সিটোকৈ গালে ছুপাৰহিটছ নাম্বাৰ্ছ-

BENGALI ASSOCIATION OF GREATEST CHICAGO-এ অনুষ্ঠিত কৰিছিল তিনিদিনীয়াকৈ দুৰ্গা পূজাৰ লগত সংগতি ৰাখি বিশেষ অনুষ্ঠান। অনুষ্ঠানত আমন্ত্ৰিত শিল্পী আছিল পাপন। চিকাগ’ৰ উচ্ছসিত দৰ্শকৰ সন্মুখত পাপনে পৰিৱেশন কৰিলে সুন্দৰ অনুষ্ঠান। দৰ্শকেও এবাৰ হাতেৰে চুই চালে প্ৰিয় শিল্পীক। পাপনৰ বহুল জনপ্ৰিয় বিহুৰ তালে তালে নাচি উঠিল দৰ্শক।

মঞ্চত উদ্ভাসিত হ’ল পোহৰ নিক্ষেপণৰ শৈল্পিক প্ৰকাশ
যেতিয়া পাপনে গালে ‘গয়ে তুম গয়ে হ’ ক্যু…?’
আয়োজকে ক’লে এয়া অপূৰ্ব অনুষ্ঠান

পাপনৰ সহ সংগীত শিল্পীসকলেও কলে চিকাগ’ৰ সুন্দৰ অভিজ্ঞতাৰ কথা। সৌ সিদিনা নিউয়ৰ্কৰ টাইমছ স্কুৱেৰত বাজি উঠিছিল পাপনে গোৱা এফ্ৰ বিহু। মূলতঃ এঢাপ দুঢাপকৈ অসমৰ বিহুক, অসমৰ সংগীতক বিশ্ব মঞ্চলৈ লৈ উৰ্দ্ধমুখী গতি কৰিছে আপোনাৰ মোৰ আপোন অংগৰাগ পাপন মহন্তই। পাপনলৈ অফুৰন্ত শুভেচ্ছা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...