ঘৰত এমহীয়া সন্তান এৰি আলফা (স্বাঃ)লৈ মৰাণৰ যুৱক

ঘৰৰ একমাত্ৰ ল’ৰা আছিল পলাশ কোঁৱৰ। পৰিয়াল বুলিবলৈ মাক-দেউতাক, পত্নী আৰু ২ কণমানি সন্তান। ঘৰৰ ভৰণ-পোষণৰ সমস্ত দায়িত্ব পলাশৰ ওপৰতে আছিল। তাৰ পিছতো পৰিয়ালটোৰ ভৰণ-পোষণৰ দায়িত্বৰ পৰা পলায়ন কৰি আলফা স্বাধীনত যোগ দিলেগৈ মৰাণৰ পলাশ কোঁৱৰে। ২৪ অক্টোবৰত ঘৰৰ পৰা ওলাই গৈছিল পলাশ। ২৭ অক্টোবৰত ফেচবুকত পলাশৰ দীঘলীয়া প’ষ্ট। সাৰ্বভৌম স্বাধীন অসমৰ স্বপ্ন বাস্তবায়িত কৰিবলৈয়ে হেনো আলফা স্বাধীনত যোগ দিলে পলাশ কোঁৱৰে।


আলফা (স্বাঃ)ৰ শিবিৰৰ পৰিস্থিতিৰ পিছতো শিক্ষা নাই একাংশৰ
ঘৰত এমহীয়া সন্তান এৰি আলফা (স্বাঃ)লৈ মৰাণৰ যুৱক
স্বাধীন অসমৰ স্বপ্ন বাস্তবায়িত কৰিব হেনো পলাশ কোঁৱৰে

এইজনেই মৰাণৰ সমীপৰ বৰপথাৰ দামৈখাটিৰ ২৪ বছৰীয়া যুৱক পলাশ কোঁৱৰ। পৰিয়াল বুলিবলৈ মাক-দেউতাক, পত্নী আৰু ২ কণমানি সন্তান। দুই কন্যা সন্তানৰ এটি ৩ বছৰীয়া, এটি এমহীয়া। ছানা বিক্ৰী কৰি পৰিয়াল চলাইছিল পলাশে। এমাহ পূৰ্বে মিস্ত্ৰীৰ কাম বিচাৰি শদিয়ালৈ গৈছিল। শদিয়াতে এক্সকেভেটৰ চালনাৰো প্ৰশিক্ষণ লৈছিল।

পৰিয়ালৰ দায়িত্বৰ প্ৰতি পিঠি দি আলফা (স্বাঃ)লৈ গ’ল পলাশ
পলাশৰ চকুত এতিয়া সাৰ্বভৌম স্বাধীন অসমৰ অলীক সপোন

ফেচবুকৰ ভিডিঅ’টোত হাতেৰে কেমেৰা ধৰি থকাজনেই পলাশ কোঁৱৰ। পিছফালে পৰিচয় গোপন কৰি আৰু এজন। সম্ভৱতঃ আলফা (স্বাঃ)ৰ সদস্য অথবা লিংকমেন। মুখত কাপোৰ বান্ধি তেওঁ পাঠ কৰি গৈছে পলাশে ক’বলগীয়া কথা।

২৪ অক্টোবৰৰ নিশা পূজা চাম বুলি ওলাই গৈছিল পলাশ। তাৰ পিছৰে পৰা পৰিয়ালৰ লোকে কোনো খবৰেই পোৱা নাছিল পলাশ কোঁৱৰৰ। ২৭ অক্টোবৰত ফেচবুকত পলাশৰ পোষ্ট দেখি মূৰত সৰগ ভাগি পৰে পৰিয়ালটোৰ।

‍ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আলফা স্বাধীনৰ সৰ্বাধিনায়ক পৰেশ বৰুৱাক হাতযোৰ কৰি পলাশ কোঁৱৰৰ দৰিদ্ৰ পৰিয়ালটোৰ আকুল আহ্বান- আমাৰ ল’ৰাটো আমাক ঘূৰাই দিয়ক।

ম্যানমাৰত আলফা স্বাধীনত সাম্প্ৰতিক পৰিস্থিতি বৰ ভাল নহয়। শিবিৰত সৃষ্টি হোৱা ভয়ানক খাদ্য সংকটৰ কথা ইতিমধ্যেই ৰাজহুৱা হৈছে। একাংশ নেতাৰ মইমতালিত একপ্ৰকাৰ অচলাৱস্থাৰ সৃষ্টি হৈছে পৰেশ বৰুৱাৰ শিবিৰত। স্বাধীন অসমৰ সপোন লৈ সংগঠনত যোগদান কৰা একাংশ যুৱকে সংগঠনৰ প্ৰকৃত অৱস্থা দেখি পলায়নৰ চেষ্টা কৰোঁতেই তেওঁলোকক গুলীয়াই হত্যা কৰা হৈছে। পাঠশালাৰ বিভাকৰ কলিতা, নগাঁও যমুনামুখৰ তন্ময় বৰা ইয়াৰ শেহতীয়া উদাহৰণ। কান্দি কান্দি আলফা (স্বাঃ)লৈ যোৱা যুৱকৰ পিতৃ-মাতৃয়ে পৰেশ বৰুৱাক কৈছে- আমাৰ ল’ৰা আমাক ঘূৰাই দিয়ক।

ইমানৰ পিছতো স্বাধীন অসমৰ অলীক স্বপ্ন দেখুৱাই আলফা (স্বাঃ)ৰ শীৰ্ষ নেতৃত্বই অব্যাহত ৰাখিছে সদস্যভৰ্তি অভিযান। পেটৰ তাড়নাত অল্পশিক্ষিত একাংশ যুৱক পুনৰ গৈছে আলফা স্বাধীনলৈ। নিৰ্বিকাৰ চিত্তে ফেচবুকত প’ষ্ট দিয়েই দায়িত্ব সামৰিছে DGPয়ে।

ইপিনে, আকৌ অসমত আখৰা আৰম্ভ হৈছে কেন্দ্ৰ-আলফাৰ আনুষ্ঠানিক শান্তি চুক্তিৰ। কেন্দ্ৰীয় চৰকাৰে দিন বাৰ ঠিক কৰি জনালেই দিল্লীলৈ শান্তি চুক্তিত স্বাক্ষৰ কৰিবলৈ যাব আলফা নেতৃত্ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...