চিকাগ’ত সুৰৰ মায়াজাল ৰচিলে পাপনে

সৌ সিদিনা নিউয়ৰ্কৰ টাইমছ স্কুৱেৰত বাজি উঠিছিল পাপনে গোৱা এফ্ৰ’ বিহু। মূলতঃ এঢাপ দুঢাপকৈ অসমৰ বিহুক, অসমৰ সংগীতক বিশ্ব মঞ্চলৈ লৈ উৰ্দ্ধমুখী গতি কৰিছে আপোনাৰ মোৰ আপোন অংগৰাগ পাপন মহন্তই। এইবাৰ চিকাগ’ত BENGALI ASSOCIATION OF GREATEST CHICAGO-এ আয়োজন কৰা অনুষ্ঠানত পাপনে পাপনে ৰচিলে সুৰৰ মায়াজাল।

হল ভৰি দৰ্শক নাচি উঠিল- উছাহত
পাপনেও ইটোৰ পিছত সিটোকৈ গালে ছুপাৰহিটছ নাম্বাৰ্ছ-

BENGALI ASSOCIATION OF GREATEST CHICAGO-এ অনুষ্ঠিত কৰিছিল তিনিদিনীয়াকৈ দুৰ্গা পূজাৰ লগত সংগতি ৰাখি বিশেষ অনুষ্ঠান। অনুষ্ঠানত আমন্ত্ৰিত শিল্পী আছিল পাপন। চিকাগ’ৰ উচ্ছসিত দৰ্শকৰ সন্মুখত পাপনে পৰিৱেশন কৰিলে সুন্দৰ অনুষ্ঠান। দৰ্শকেও এবাৰ হাতেৰে চুই চালে প্ৰিয় শিল্পীক। পাপনৰ বহুল জনপ্ৰিয় বিহুৰ তালে তালে নাচি উঠিল দৰ্শক।

মঞ্চত উদ্ভাসিত হ’ল পোহৰ নিক্ষেপণৰ শৈল্পিক প্ৰকাশ
যেতিয়া পাপনে গালে ‘গয়ে তুম গয়ে হ’ ক্যু…?’
আয়োজকে ক’লে এয়া অপূৰ্ব অনুষ্ঠান

পাপনৰ সহ সংগীত শিল্পীসকলেও কলে চিকাগ’ৰ সুন্দৰ অভিজ্ঞতাৰ কথা। সৌ সিদিনা নিউয়ৰ্কৰ টাইমছ স্কুৱেৰত বাজি উঠিছিল পাপনে গোৱা এফ্ৰ বিহু। মূলতঃ এঢাপ দুঢাপকৈ অসমৰ বিহুক, অসমৰ সংগীতক বিশ্ব মঞ্চলৈ লৈ উৰ্দ্ধমুখী গতি কৰিছে আপোনাৰ মোৰ আপোন অংগৰাগ পাপন মহন্তই। পাপনলৈ অফুৰন্ত শুভেচ্ছা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো পদক; পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল দলীয় ইভেণ্টত ভাৰতৰ ৰূপৰ পদক

আইচি-নাগোয়া এছিয়ান গেমছত পদক অভিযান অব্যাহত ৰাখিছে ভাৰতে। পুৰুষৰ...