দ্য আছাম ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ তৃতীয় সমাৱৰ্তনত মুখ্যমন্ত্ৰীৰ অংশগ্রহণ

দ্য আছাম ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ তৃতীয় সমাৱৰ্তনত মুখ্যমন্ত্ৰীৰ অংশগ্রহণ
সমাৱৰ্তনত ১,১৯৭ গৰাকীলৈ ডিগ্রী প্ৰদান
আৰ্তজনলৈ সহায়ৰ হাত আগবঢ়াই পূর্ণ মানুহ হোৱাৰ সপোন দেখিবলৈ বিদ্যাৰ্থীসকলক আহ্বান মুখ্যমন্ত্ৰীৰ

উপ-ৰাষ্ট্রপতি জগদীপ ধনখড়, ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াৰ উপস্থিতিত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি দ্য আছাম ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ তৃতীয় সমাবর্তনত অংশগ্রহণ কৰে। উল্লেখ্য যে আজিৰ এই সমাৱৰ্তনত ১,১৯৭ গৰাকীক ডিগ্ৰী প্ৰদান কৰা হয়। ইয়াৰে ভিতৰত ৪২ গৰাকীক স্বর্ণ, ৪৫ গৰাকীক ৰূপৰ আৰু অসাধাৰণ শৈক্ষিক আৰু সহপাঠ্যক্ৰমত বিশেষ কৃতিত্ব প্ৰদৰ্শন কৰা ২ গৰাকী শিক্ষাৰ্থীক আচাৰ্যৰ সোণৰ মেডেল প্ৰদান কৰা হয়।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে আজিৰ সমাবর্তনত আনুষ্ঠানিকভাবে ডিগ্ৰী লাভ কৰা বিদ্যাৰ্থীসকলৰ লগতে শিক্ষাগুৰু আৰু অভিভাৱক সকলকো শুভেচ্ছা জ্ঞাপন কৰি কয় যে বিদ্যার্থীসকলে একাগ্ৰতা আৰু দৃঢ় লক্ষ্যৰ বলত এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। এই সফলতাই শিক্ষাৰ্থীসকলৰ জীৱনত এটি নতুন যাত্রাপথৰ আৰম্ভণি কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে শিক্ষাৰ্থীসকলে যি জ্ঞান আৰু দক্ষতা আহৰণ কৰিছে তাক বাস্তৱত প্রয়োগ কৰাৰ লক্ষ্যৰে আগুৱাই যাব লাগিব। ছাত্ৰ জীৱনত মানি চলা অনুশাসন, নিৰ্দ্ধাৰিত লক্ষ্যৰ জৰিয়তে শিক্ষার্থীসকলে যি সফলতা লাভ কৰিছে তাৰ আলমত ভবিষ্যতে প্রত্যাহ্বানসমূহ মোকাবিলা কৰাৰ দিশত তেওঁলোকক প্ৰয়োজনীয় পথ প্ৰদৰ্শন কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। বিশ্ববিদ্যালয়ৰ পৰা আনুষ্ঠানিক শিক্ষাৰ সমাপ্তিয়ে শৈক্ষিক যাত্রাপথৰ সামৰণিক নুসূচায় বুলি মন্তব্য কৰি তেওঁ লগতে কয় যে শিক্ষার্থীসকলে আজীবন জ্ঞানৰ সন্ধানত আগুৱাই গৈ বিকাশৰ নতুন পৰ্যায়ৰ সূচনা কৰিব লাগিব।

মুখ্যমন্ত্ৰীয়ে আজিৰ এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে যুৱ সবলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ দিশত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে নিজকে নিয়োজিত কৰি ছাত্ৰ-ছাত্ৰী তথা যুৱ প্ৰজন্মৰ সৈতে যি সংযোগ স্থাপন কৰি আহিছে তাৰ ফলত শিক্ষাৰ্থীসকলৰ মনত এক আশাৰ ভাব সঞ্চাৰিত হৈ আহিছে। উপ-ৰাষ্ট্ৰপতিগৰাকীৰ আজিৰ অনুষ্ঠানত উপস্থিতিয়ে ছাত্র-ছাত্রীসকলক বাৰুকৈয়ে উপকৃত কৰিব বুলিও তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে যুগ যুগ ধৰি ভাৰতবৰ্ষৰ এক চহকী আৰু প্ৰজন্মক আলোকিত কৰিব পৰা শিক্ষা ব্যৱস্থা প্ৰচলিত হৈ আহিছে। ভাৰতবৰ্ষৰ প্রাচীন শিক্ষা ব্যৱস্থাই জ্ঞানৰ সাধনাত সর্বোচ্চ গুৰুত্ব আৰোপ কৰিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৬৪ কলাৰ বিকাশত দেশে অগ্রণী ভূমিকা ল’বলৈ সক্ষম হৈছিল। হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতীয় পণ্ডিত সমাজে জ্যোতির্বিজ্ঞান, গণিত, যোগ, পদার্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, আয়ুর্বেদ, জ্যোতিষ, চিকিৎসা আৰু অস্ত্ৰোপচাৰৰ দিশত উল্লেখযোগ্য অৰিহণা যোগাই আহিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

মুখ্যমন্ত্ৰীয়ে কয় যে সমাজ যদি শিক্ষিত হয়, সমাজখনক নেতৃত্ব দিয়া ব্যক্তিসকল যদি জ্ঞান আৰু প্রজ্ঞাৰে বিভূষিত হয় তেতিয়া তেনে সমাজ এখন সাবলীল গতিত আগবাঢ়ি যায়। মুখ্যমন্ত্রীয়ে কয় যে আজিৰ সমাৱৰ্তনত উপস্থিত থকা শিক্ষার্থীসকলে এক দীঘলীয়া সাধনাৰ অন্তত সাফল্যৰ এক উচ্চতম শিখৰত উপনীত হৈছে আৰু পিতৃ-মাতৃসকলৰ নিৰৱচ্ছিন্ন সাধনাৰ বাবে ছাত্র-ছাত্রীসকলে আজি এই পর্যায় লাভ কৰিছে। মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে ব্যক্তি এজনে যেতিয়া জীৱনৰ শীৰ্ষতম বিন্দুত আৰোহণ কৰিও নিজ পিতৃ-মাতৃক উচ্চ আসনত ৰাখে তেতিয়াহে ব্যক্তিজনৰ জীৱন যথাৰ্থতে সফল হয়। তেওঁ লগতে কয় যে বস্তুবাদী জীৱনযাত্ৰাৰ সৈতে আধ্যাত্মিকতাৰ সংযোগ সাধন হ’লেহে পৃথিৱীখনক সুন্দৰ ৰূপত উপলব্ধি কৰিব পৰা যায়। কিন্তু বস্তুবাদী জীবনযাত্ৰাত আধ্যাত্মিকতাৰ স্থান যেতিয়া নাইকীয়া হয়, তেতিয়া মানুহ আৰু যন্ত্ৰৰ মাজত পাৰ্থক্য নাথাকে। সাফল্যৰ এটা অংশ আনৰ সৈতে ভগাই লোৱাৰ মানসিকতা গঢ়ি তুলিলেহে ব্যক্তি এজন প্ৰকৃতাৰ্থত মানুহ হ’ব পাৰে। জীৱনৰ বাটত আগুৱাই যোৱাৰ সময়ত আন দুজনকো আগুৱাই নিয়াৰ মানসিকতা গঢ়ি তুলিবলৈও মুখ্যমন্ত্ৰীয়ে শিক্ষার্থীসকলক আহ্বান জনায়। তেওঁ কয় যে মানুহৰ চিন্তাধাৰা যেতিয়া ব্যক্তিগত জীৱন আৰু পৰিয়ালৰ মাজতে সীমাবদ্ধ থাকে, তেতিয়া কোনো ব্যক্তিয়েই পূর্ণাংগ মানুহ হিচাপে পৰিগণিত হ’ব নোৱাৰে। নিজৰ কৰ্মৰাজিৰে আনৰ বাবে আশাৰ বন্তি হৈ জীৱন পৰিচালিত কৰা উচিত বুলিও তেওঁ মন্তব্য কৰে। দৰিদ্ৰ, নিৰক্ষৰ আৰু আৰ্থিক দৈন্যতাত ভোগা লোকসকলৰ বাবে শিক্ষার্থীসমাজক আশাৰ বন্তি স্বৰূপ হ’বলৈও মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অমৃত কালৰ সপোনে দেশৰ যুৱক-যুৱতীসকলক তেনে প্রেৰণাৰে উদ্বুদ্ধ কৰিব বিচাৰে বুলিও মুখ্যমন্ত্ৰীয়ে কয় । মানুহৰ জীৱনত এক অন্তৰ্নিহিত উদ্দেশ্য জড়িত হৈ থাকে বুলি উল্লেখ কৰি তেওঁ আতজনলৈ সহায়ৰ হাত আগবঢ়াই পূর্ণ মানুহ হোৱাৰ সপোন দেখিবলৈও বিদ্যার্থীসকলক আহ্বান জনায়।

আজিৰ এই অনুষ্ঠানৰ আগমুহূৰ্তত মুখ্যমন্ত্ৰীয়ে উপ-ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালৰ সৈতে বিশ্ববিদ্যালয়খনৰ চৌহদত একোটাকৈ ৰুদ্ৰাক্ষ গছৰ পুলিও ৰোপণ কৰে। আজিৰ এই অনুষ্ঠানত ৰাজ্যৰ ‘ফাৰ্ষ্ট লেডী’ অনিতা কাটাৰিয়া, শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেণ্ড, শক্তি আদি বিভাগৰ মন্ত্ৰী নন্দিতা গালোছা, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, আৰক্ষী সঞ্চালক প্রধান জি পি সিং, ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ আচাৰ্য এ কে পাঞ্চাৰী, ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ প্রোচেঞ্চেলৰ এ কে মোদী, ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছাৰ ড০ সঞ্জয় প্রতাপ সিঙৰ উপৰি বিশ্ববিদ্যালয়খনৰ শিক্ষাগুৰু, ছাত্ৰ-ছাত্ৰীসকলৰ লগতে ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও শীর্ষ বিষয়া উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...