BIEOৰ জালত বেংক জালিয়াতিৰ মূল অপৰাধী

গুৱাহাটী, ২২ জুন, NKTV: পাঞ্জাৱ এণ্ড সিন্ধ বেংক ৰাজগড় শাখাত ঋণ দিয়াৰ নামত সংঘটিত হৈছিল বৃহৎ কেলেংকাৰী। বেংক বিষয়াই নথি-পত্ৰ পৰীক্ষা নকৰাকৈয়ে এজন লোকক ঋণ প্ৰদান কৰিছিল। ঘটনা সন্দৰ্ভত ২০১৯ চনতেই Bureau Of Investigation Economic Offences (BIEO)ত বেংক জালিয়াতিৰ সন্দৰ্ভত দাখিল কৰা হৈছিল এটা গোচৰ। পাঞ্জাৱ এণ্ড সিন্ধ বেংকৰ পৰা ঋণ গ্ৰহণ কৰা লোকজনৰ নাম ধ্ৰুৱজ্যোতি তালুকদাৰ। বেংকটোৰ ঋণ বিষয়া বিকাশ চন্দ্ৰ আৰু শাখা প্ৰৱন্ধক নলীন কুমাৰ হাজৰিকাই কোনোধৰণৰ নথি-পত্ৰ পৰীক্ষা নকৰাকৈয়ে ধ্ৰুৱজ্যোতি তালুকদাৰক ঋণ মোকলাই দিছিল। ঋণৰ ধনসমূহ কুন্তল হাজৰিকাৰ নামত থকা এটা একাউণ্টত জমা হৈছিল। ইয়াৰ পিছতেই ২০১৯ চনৰ ২৮ অক্টোবৰ তাৰিখে BIEOত বেংক প্ৰৱন্ধক নিতাই চন্দ্ৰ দাসে এজাহাৰ দাখিল কৰিছিল। সম্প্ৰতি BIEOৰ জালত এই কেলেংকাৰীৰ লগত জড়িত বেংক বিষয়া আৰু মূল অভিযুক্ত ধ্ৰুৱজ্যোতি তালুকদাৰ ওৰফে কুন্তল হাজৰিকা। অৰ্থনৈতিক অপৰাধ তদন্ত সংস্থা (Bureau Of Investigation Economic Offences) সংবাদমেলৰ আয়োজন কৰি সদৰি কৰিলে এই কথা। সংবাদমেল সম্বোধন কৰে আৰক্ষী অধীক্ষক মনমোহন বড়োৱে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...