মস্কোৰ ভাৰতীয় দূতাবাসত পাকিস্তানৰ চোৰাংচোৱা

পাক চোৰাংচোৱা সংস্থা ISIৰ হৈ কাম কৰিছিল চোৰাংচোৱাই
উত্তৰ প্ৰদেশৰ মীৰাটৰ পৰা গ্ৰেপ্তাৰ হ’ল সেই চোৰাংচোৱা
এই ঘটনাক লৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ হাহাকাৰ

পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISIএ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ কাৰ্যালয়ৰ পৰা লাভ কৰিছিল গোপন খবৰ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ অধীনস্থ ৰাছিয়াৰ ৰাজধানী মস্কোত থকা ভাৰতীয় দূতাবাসত চৰ নিয়োগ কৰাত সফল হৈছিল ISI। এই ভয়ংকৰ খবৰ শেহতীয়াকৈ পোহৰলৈ আহিছে উত্তৰ প্ৰদেশৰ এণ্টি টেৰৰিজ্ম স্কোৱাড, চমুকৈ ATSএ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ পিছত। মীৰাটৰ পৰা ATSএ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ISIএ ব্যৱহাৰ কৰা চোৰাংচোৱাজনক।

পাকিস্তানী ISIৰ হৈ কাম কৰা চৰজনৰ নাম হৈছে সত্যেন্দ্ৰ শিউৱাল
অৰ্থৰ বিনিময়ত ভাৰতীয় দূতাবাসৰ খবৰ দিছিল ISIক
প্ৰতিৰক্ষা মন্ত্ৰ্যালয়, বিদেশ মন্ত্ৰ্যালয়ৰ গোপন তথ্য অৰ্পণ কৰিছিল ISIক

উত্তৰ প্ৰদেশৰ হাপুৰ জিলাৰ শ্বাহ মহিউদ্দিনপুৰ গাঁৱৰ পৰা সত্যেন্দ্ৰক মীৰাটস্থিত উত্তৰ প্ৰদেশৰ ATSএ গ্ৰেপ্তাৰ কৰি সোধাপোছা অব্যাহত ৰাখিছে। এই সোধপোছৰ কালত সত্যেন্দ্ৰই যোৱা আগষ্ট মাহৰ পৰা ISIৰ হৈ কাম কৰা বুলি স্বীকাৰোক্তি দিয়ে। এই ঘটনাক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। স্বীকাৰোক্তিৰ পিছত সত্যেন্দ্ৰক ATSএ এটা গোচৰ ৰুজু কৰি তেওঁক গ্ৰেপ্তাৰ কৰিছে। ভাৰতীয় দূতাবাসত আৰু পাকিস্তানী চৰ আছে নেকি সেই সন্দৰ্ভত তদন্ত চলাবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ক নিৰ্দেশনা প্ৰদান কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...