আন্দোলন নহয়, ৰাজ্যখনৰ পৰিচয় হ’ব লাগিব বিকাশ: মুখ্যমন্ত্রী

0 56

প্রধানমন্ত্রীয়ে উদ্বোধন আৰু শিলান্যাস কৰিলে ১১,৬০০ কোটি টকাৰ আন্তঃগাঁথনিমূলক প্রকল্প

আন্দোলন নহয়, ৰাজ্যখনৰ পৰিচয় হ’ব লাগিব বিকাশ: মুখ্যমন্ত্রী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে অসমে আজি বিকাশ আৰু উন্নয়নৰ এক উচ্চতাত উপনীত হৈছে: মুখ্যমন্ত্রী

অসমৰ আন্তঃগাঁথনি উন্নয়নৰ উর্দ্ধগামী যাত্ৰাত এক নতুন মাত্রা সংযোজনেৰে প্রধানমন্ত্রী নবেন্দ্র মোদীয়ে আজি খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ১১,৬০০ কোটি টকাৰ আন্তঃগাঁথনিমূলক প্রকল্প আভাষিকভাবে উদ্বোধন আৰু শিলান্যাস কৰে। উল্লেখ্য যে প্রধানমন্ত্রীয়ে ১,৪৫১ কোটি টকা ব্যয় সাপেক্ষে বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈ চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৫৯২ কোটি টকা ব্যয় সাপেক্ষে দোলাবাৰীৰ পৰা জামুগুৰিলৈ চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ শুভ উদ্বোধন কৰে। আনহাতে প্রধানমন্ত্রীয়ে ৪৯৮ কোটি টকা ব্যয় সাপেক্ষে মা কামাখ্যা প্রবেশ কৰিড’ৰ (দিব্যলোক পৰিযোজনা), ৩,২৫০ কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ আন্তঃগাঁথনি উন্নয়ন, ৮৩২ কোটি টকা ব্যয় সাপেক্ষে নেহৰু ষ্টেডিয়ামক ফিফাৰ মানৰ ফুটবল ষ্টেডিয়ামলৈ উন্নীতকৰণ, ৫৭৮ কোটি টকা ব্যয় সাপেক্ষে কৰিমগঞ্জ চিকিৎসা মহাবিদ্যালয়, ৩০০ কোটি টকা ব্যয় সাপেক্ষে চন্দ্ৰপুৰ ষ্টেডিয়াম, ৩৫৮ কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ সংযোগী পথৰ বহলীকৰণ, ৩,৪৪৪ কোটি টকা ব্যয় সাপেক্ষে ৩৮ খন দলং সহ ৪৩ টা পথৰ উন্নীতকৰণ আৰু ২৯৭ কোটি টকা ব্যয় সাপেক্ষে ঐক্য ভৱনৰ আধাৰশিলা স্থাপন কৰে।

এই উপলক্ষে আয়োজিত সভাত আদৰণি ভাষণ প্রদান কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কয় যে, আজি অসমৰ বাবে এক সোণালী দিন। এটা পাহৰিব নোৱাৰা নতুন ইতিহাস গড়া নতুন সুৰুজমুখী দিন বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এটা দিনতে ১১,৬০০ কোটি টকাৰ প্ৰকল্প অসমে লাভ কৰিছে, সেয়া অসমৰ ইতিহাসত আগতে কেতিয়াও সম্ভব হোৱা নাছিল। তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আলফাৰ শান্তি চুক্তি, বড়ো চুক্তি, ডিমাছা চুক্তি, আদিবাসী শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ বাবে আজি বহু বছৰৰ পিছত শান্তিৰ কপৌ চৰাই অসম মাতৃৰ বুকুলৈ উভতি আহিছে। হাজাৰ হাজাৰ যুৱকে সন্ত্রাসবাদ ত্যাগ কৰি মূলসুঁতিলৈ উভতি আহিছে। অসমবাসী ৰাইজক অভিনন্দন জনাই মুখ্যমন্ত্রীয়ে কয় যে যোৱা তিনিটা বছৰ ৰাজ্যখনত কোনো ধৰণৰ এটাও আন্দোলনৰ কাৰ্যসূচী নোহোৱাকৈ আজি বিকাশৰ নতুন অশ্বমেধ যজ্ঞলৈ গতি কৰিছে। ধলা-শদিয়া দলং, বগীবিল দলং, নুমলীগড়ৰ পৰা গহপুৰলৈ সুৰংগ, কলিয়াভোমাৰ আৰু শৰাইঘাট দলং, গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত নতুন দলং, মাজুলী-যোৰহাটৰ মাজত দলং, মাজুলী-লখিমপুৰৰ মাজত দলং, শুৱালকুছি-পলাশবাৰীৰ মাজত দলং, নাৰেংগী-কুৰুৱাৰ মাজত দলং, ফুলবাৰীৰ ওপৰত দলং হ’ব সেই কথা আমাৰ প্ৰজন্মই কেতিয়াও সপোনতো ভবা নাছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বাবে ব্ৰহ্মপুত্ৰৰ ওপৰত ৯ খনকৈ দলং লাভ কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে অসমত ২৩ খন চিকিৎসা মহাবিদ্যালয়, কাজিৰঙাত এলিভেটেড কৰিড’ৰ, গুৱাহাটীত ৰিং ৰোড, ১৭ খনকৈ কর্কট চিকিৎসালয় হ’ব পাৰে সেই কথাও কোনেও কল্পনা কৰা নাছিল। অসম মালাৰ দৰে প্ৰকল্পৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৩ হাজাৰ কোটি টকাতকৈ অধিক টকা ব্যয় সাপেক্ষে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ আন্তঃগাঁথনি উন্নয়নেৰে পূৰ্বভাৰতৰ বৃহৎ চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰাৰ বাবে পদক্ষেপ লোৱা হৈছে। এইমছ নির্মাণৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ চৌদিশে নির্মাণ, দ্বৈত বে’লপথ আদিৰ বিষয়েও ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে উল্লেখ কৰে। ২০ লাখ দৰিদ্ৰ লোকে প্রধানমন্ত্রী আৱাস যোজনা লাভ কৰা, লাখপতি বাইদেউ, ৩০ লাখ পৰিয়ালে অৰুণোদয়, ২ কোটিতকৈও অধিক লোকে বিনামূলীয়া চাউল, ঘোচ নিদিয়াকৈ ১ লাখ চৰকাৰী চাকৰি প্ৰদানৰ কথা উল্লেখ কৰি তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অসম প্রেমৰ বাবে আজি অসম মাতৃ উন্নয়ন আৰু বিকাশৰ এক উচ্চতাত উপনীত হৈছে। কৃতজ্ঞ অসমীয়াই প্রধানমন্ত্রী মোদীৰ ওপৰত অংগীকাৰবদ্ধ হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে দুর্নীতিৰ পৰিৱৰ্তে নিকা প্রশাসন, দৰিদ্ৰৰ বিকাশ, যুৱকৰ কৰ্মসংস্থাপন আৰু আন্দোলন বিবর্জিত পৰিৱেশৰ মাজেৰে আমাৰ অসমক ভাৰতৰ সৰ্বশ্রেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ সাধন কৰিব। মুখ্যমন্ত্রীয়ে কয় যে অসমক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগিব। আন্দোলন নহয়, ৰাজ্যখনৰ পৰিচয় বিকাশ হ’ব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ইয়াৰ বাবে পৰিৱেশ সৃষ্টি কৰিব লাগিব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আশীর্বাদত ৰাজ্যখনে বিকাশৰ গংগা বোঁৱাই আনিব পাৰিব বুলিও মুখ্যমন্ত্রীয়ে কয়।

আজিৰ এই অনুষ্ঠানত বাজ্যপাল গোলাব চান্দ কাটাৰিয়া, কেন্দ্রীয় জাহাজ, বন্দৰ আৰু আয়ুষ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্রীয় তেল আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, কৃষি, পশুপালন আদি বিভাগৰ মন্ত্রী অতুল বৰা, বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়ো, কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গার্লোছা, ভাৰতীয় জনতা পার্টি, অসম প্রদেশৰ সভাপতি ভরেশ কলিতা প্রমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.