‘ভাৰতৰ সৈতে আলোচনা কৰিব বিচাৰো, সহায় কৰক’- ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনলৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ অনুৰোধ

ভাৰতৰ সৈতে আলোচনাত বহিবলৈ ইচ্ছুক পাকিস্তান। এই বিষয়ে তেওঁলোকে ৰাছিয়াৰ সহায় বিচাৰিছে। ইয়াৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক এখন পত্ৰও প্ৰেৰণ কৰিছে। এই কথা স্বীকাৰ কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ ঘনিষ্ঠ ছৈয়দ তাৰিফ ফতেমীয়ে। ৰাছিয়াৰ সংবাদ সংস্থা ‘টাছ’ৰ পৰা এই কথা জানিব পৰা গৈছে।

ৰাছিয়াৰ সংবাদ সংস্থাই জনোৱা মতে, এই সপ্তাহতে পুটিনক উদ্দেশ্যি শ্বৰীফে লিখা এখন পত্ৰ ফতেমীয়ে ৰাছিয়াৰ বিদেশ মন্ত্ৰী চাৰ্গেই লাভৰভৰ হাতত তুলি দিছিল। সেই পত্ৰতেই ভাৰতৰ সৈতে আলোচনাৰ বাবে ৰাছিয়াৰ সহায় বিচৰা হৈছে।

ফতেমীয়ে কয়, “দ্বন্দ্ব-বিবাদ দূৰ কৰিবলৈ যিকোনো কূটনৈতিক পদক্ষেপৰ বাবে ইছলামাবাদ প্ৰস্তুত। যিকোনো মুহূৰ্ততে যুদ্ধ আৰম্ভ হ’ব পাৰে, এনে পৰিস্থিতিত কোনো থাকিব নিবিচাৰে।” পাকিস্তান যিকোনো নিৰপেক্ষ মধ্যস্থতাৰ বাবে প্ৰস্তুত বুলি উল্লেখ কৰি ফতেমীয়ে কয়, “আমি আমেৰিকা, ইউৰোপ আৰু ৰাছিয়ালৈ প্ৰতিনিধি দল পঠিয়াইছো। আমি তাত গৈ কৈছো যে, যদি কোনো দেশে বা ৰাষ্ট্ৰসংঘই ভাৰত-পাকিস্তানৰ দ্বন্দ্ব নিষ্পত্তিৰ বাবে মধ্যস্থতা কৰিব বিচাৰে, আমি আলোচনাৰ বাবে বহিবলৈ সাজু। ভাৰত আৰু পাকিস্তানে একেলগে এখন মেজত বহাটো অত্যন্ত জৰুৰী।”

জম্মু-কাশ্মীৰৰ পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা ভাৰত আৰু পাকিস্তানৰ সম্পৰ্কত উত্তেজনা বাঢ়িছে। এই আক্ৰমণত ২৬জনৰ মৃত্যুৰ ঘটনাৰ পিছত ভাৰতে পাক অধিকৃত কাশ্মীৰ আৰু পাকিস্তানৰ মূল ভূ-খণ্ডত আক্ৰমণ চলাই কেইবাটাও সামৰিক ঘাটি ধ্বংস কৰা হৈছিল। ভাৰতীয় সেনাৰ সেই ‘সিন্দূৰ অভিযান’ৰ পিছত পাকিস্তানেও ভাৰতৰ ওপৰত আক্ৰমণৰ চেষ্টা কৰিছিল। ভাৰতীয় সেনাই জনোৱা মতে, পাক সেনাৰ সেই আক্ৰমণ প্ৰতিহত কৰি ভাৰতে উচিত প্ৰত্যুত্তৰ দিছিল। দুদিন ধৰি সংঘাতৰ পৰিৱেশ হোৱাৰ পিছত অৱশ্যে দুয়োখন দেশ সংঘৰ্ষবিৰতিত ৰাজি হৈছিল। বৰ্তমানলৈকে সেই অৱস্থা বৰ্তি আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...