মোক পলাতক বুলি ক’ব পাৰে, কিন্তু মই চোৰ নহয় : বিজয় মালিয়া

‘পলাতক’ শব্দৰ প্ৰতি আপত্তি নাই, কিন্তু কোনোবাই তেওঁক ‘চোৰ’ বুলি ক’লে তাক তেওঁ মানি নলয় ‘কিংফিছাৰ’ৰ প্ৰাক্তন মালিক বিজয় মালিয়াৰ মন্তব্য এয়া। শেহতীয়াকৈ উদ্যোগপতি ৰাজ শামানিৰ এটা পডকাষ্ট অনুষ্ঠানত অংশ লৈছিল ৯,০০০ কোটি টকাৰ ঋণ ডিফল্ট হোৱাৰ অভিযোগত অভিযুক্ত মালিয়া। এই পডকাষ্ট অনুষ্ঠানত তেওঁ দাবী কৰে যে তেওঁ ভাৰত এৰি পলায়ন কৰা নাই। পূৰ্বনিৰ্ধাৰিত কামৰ বাবেহে তেওঁ দেশ এৰিছিল।

এই অনুষ্ঠানত তেওঁৰ নামৰ আগত ‘চোৰ’ শব্দ যোগ কৰাৰ প্ৰতি আপত্তি জনায় মালিয়াই। তেওঁ কয়, “মই দেশলৈ ঘূৰি নাহিবলৈ যি কাৰণবোৰ আছে, সেইবোৰৰ যথেষ্ট ভিত্তি আছে। তথাপিও যদি আপুনি মোক পলাতক বুলি ক’ব বিচাৰে, ক’ব। কিন্তু ‘চোৰ’ (শব্দটো) ক’ৰ পৰা আহিল? ইয়াত চুৰি শব্দটো ক’ৰ পৰা আহিল?”

২০১৬চনৰ পৰা মালিয়া ব্ৰিটেইনত আছে। ভাৰতলৈ ঘূৰি অহাৰ বিষয়ে প্ৰশ্ন কৰিলে তেওঁ কয়, “যদি স্বচ্ছ ন্যায় আৰু সন্মানজনকভাৱে জীৱন কটাবলৈ আশ্বাস দিয়া হয়, তেন্তে মই সঁচাকৈয়ে এই বিষয়ে ভাৱি চাম।” এই প্ৰসংগত মালিয়াই ব্ৰিটেইনৰ এখন হাই ক’ৰ্টৰ ৰায়ৰ কথা সোঁৱৰাই দিয়ে। প্ৰত্যৰ্পণ সংক্ৰান্তীয় এটা বিষয়ত ব্ৰিটেইনৰ আদালতে জনায় যে ভাৰতৰ কাৰাগাৰৰ পৰিস্থিতিয়ে মানৱাধিকাৰ সম্পৰ্কীয় ইউৰোপীয় সন্মিলনৰ ৩ নম্বৰ অনুচ্ছেদ উলংঘন কৰিছে।

এসময়ত নিজৰ বিমান সাম্ৰাজ্য ‘কিংফিছাৰ’-ৰ পতনৰ বিষয়েও মুখ খুলিছে মালিয়াই। তেওঁ জনাইছে যে, ২০০৮ চনৰ আন্তৰ্জাতিক অৰ্থনৈতিক সংকটৰ কাৰণেই কিংফিছাৰ বিমান সংস্থাৰ বেয়া দশা হৈছিল। মালিয়াৰ এই সকলো মন্তব্যৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ তৰফৰ পৰা এতিয়ালৈকে কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰা নাই।

‘কিংফিছাৰ’ উৰণ সংস্থাৰ (বৰ্তমান অস্তিত্বহীন) মালিক আছিল মালিয়া। ১৭টা ভাৰতীয় বেংকৰ পৰা কিংফিছাৰ এয়াৰলাইনৰ বাবে প্ৰায় ৯ হাজাৰ কোটি টকাৰ ঋণ লৈছিল তেওঁ। কিন্তু সেই টকা পৰিশোধ কৰিব নোৱাৰি ২০১৬ চনৰ মাৰ্চ মাহত দেশ এৰে মালিয়াই। তেওঁক পলাতক ঘোষণা কৰা হয়। ইয়াৰ পিছত ২০১৭ চনৰ ১৮ এপ্ৰিলত লণ্ডনত গ্ৰেপ্তাৰ হয় তেওঁ। ভাৰতত ঋণৰ গোচৰৰ লগতে একাধিক গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰিছিল স্কটলেণ্ড য়াৰ্ডে। কিন্তু গ্ৰেপ্তাৰৰ তিনি ঘণ্টা নহওঁতেই তেওঁ জামিনত মুক্তিও পায়। মালিয়াক দেশলৈ ঘূৰাই আনিবলৈ ভাৰতে দীৰ্ঘদিন ধৰি চেষ্টা চলাই আহিছে, কিন্তু এতিয়ালৈকে কোনো সমাধান সূত্ৰ ওলোৱা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...