মাৰণাস্ত্ৰৰ সলনি হাতে হাতে ঝাৰু আৰু ডাষ্টবিন লৈ খানাপাৰাত স্বচ্ছতা অভিযানত নামিল CRPF জোৱান। গান্ধী জয়ন্তীৰ প্ৰাকক্ষণত CRPF কম্পোজিত হাস্পতালৰ উদ্যোগত গ্ৰহণ কৰা হয় এই বিশেষ স্বচ্ছ ভাৰত অভিযান।
অভিযানত দুই শতাধিক CRPF জোৱানে অংশগ্ৰহণ কৰে। পুৱাৰে পৰা জোৱানসকলে খানাপাৰা অঞ্চলৰ বিভিন্ন স্থানত চাফ-চিকুণ অভিযান চলাই পৰিৱেশ পৰিষ্কাৰ কৰে।
এই অভিযানত CRPF কম্পোজিত হাস্পতালৰ চিকিৎসক আৰু কৰ্মচাৰীসকলেও সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। স্বচ্ছতা আৰু পৰিৱেশ সুৰক্ষাৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী গ্ৰহণ কৰা হয়।
ইফালে, অভিযানত স্থানীয় পাৰিষদৰ নেতৃত্বত গুৱাহাটী পৌৰ নিগমৰ এটা দলেও সহযোগিতা আগবঢ়ায়।
গান্ধী জয়ন্তীৰ প্ৰাকক্ষণত গ্ৰহণ কৰা এই স্বচ্ছতা অভিযানৰ জৰিয়তে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি জনসাধাৰণক অধিক সচেতন কৰাৰ লগতে ‘স্বচ্ছ ভাৰত’ৰ বাৰ্তা প্ৰচাৰ কৰাৰ প্ৰয়াস কৰা হয়।
