চৰকাৰ আহিছে, চৰকাৰ গৈছে। নিৰ্বাচনৰ পাছত সলনি হৈছে চৰকাৰ, সলনি হৈছে জনপ্ৰতিনিধি। কিন্তু সলনি নহ’ল জোনাই বিধানসভা সমষ্টিৰ ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত পাঁচখনতকৈ অধিক গাঁৱৰ ৰাইজৰ যাতায়াতৰ দুৰ্দশা। নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিবোৰ আজিও প্ৰতিশ্ৰুতি হৈয়েই ৰোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।
যান্ত্ৰিকতাৰ এই যুগতো সুচল যাতায়াত ব্যৱস্থাৰ পৰা বঞ্চিত হৈ অঞ্চলটোৰ বাসিন্দাসকলে যেন আদিম যুগৰ দৰেই জীৱন কটাবলগীয়া হৈছে। গাঁওকেইখনলৈ যাতায়াতৰ বাবে নাই সুচল পথ, নাই স্থায়ী দলং। বিশেষকৈ বাৰিষা আৰু বানপানীৰ সময়ত যাতায়াতৰ ক্ষেত্ৰত চৰম দুৰ্ভোগৰ সন্মুখীন হয় ৰাইজ।
চৰকাৰৰ প্ৰতিশ্ৰুতি পূৰণৰ আশাত বাট নাচাই নিজৰ সমস্যা নিজেই সমাধানৰ বাবে আগবাঢ়ি আহিছে গাঁওবাসী। প্ৰতি ঘৰৰ পৰা ৫০০ টকাকৈ ধন সংগ্ৰহ কৰি নিজৰ শ্ৰমেৰে বিগত প্ৰায় তিনি দশক ধৰি বাঁহৰ দলং নিৰ্মাণ কৰি আহিছে ৰাইজে।
উল্লেখযোগ্য যে, লংকাৰ পৰা নাওকাটা গাঁৱলৈ সংযোগী প্ৰায় ৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাত আছে ২৫খনতকৈও অধিক সৰু-বৰ নদী। এই নদীসমূহৰ ওপৰত স্থায়ী দলং নথকাৰ ফলত প্ৰতিবছৰে গাঁওবাসীয়ে নিজৰ গাঁঠিৰ ধন খৰচ কৰি বাঁহৰ দলং নিৰ্মাণ কৰি যাতায়াতৰ ব্যৱস্থা কৰিবলগীয়া হয়।
কিন্তু বাৰিষাৰ প্ৰবল সোঁত আৰু বানপানীয়ে বাৰে বাৰে উটুৱাই নিয়ে এই বাঁহৰ দলংসমূহ। ফলত প্ৰতিবছৰে একেটা সমস্যাৰ সন্মুখীন হৈ পুনৰ নতুনকৈ দলং নিৰ্মাণ কৰিবলগীয়া হয় গাঁওবাসীয়ে।
ইফালে, অঞ্চলটোৰ যাতায়াত ব্যৱস্থা উন্নত কৰাৰ লগতে স্থায়ী পথ আৰু দলং নিৰ্মাণৰ দাবীত চৰকাৰ আৰু স্থানীয় জনপ্ৰতিনিধিসকলৰ ওচৰত বিভিন্ন সময়ত আবেদন-নিবেদন কৰি অহাৰ পাছতো আজিলৈকে দাবী পূৰণ নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে।
অৱশ্যে বড়ো-কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদে মাজে-সময়ে কিছু আৰ্থিক সাহায্য আগবঢ়াই আহিছে যদিও সেয়া পথ আৰু স্থায়ী দলং নিৰ্মাণৰ বাবে পৰ্যাপ্ত নহয় বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে।
আনহাতে, বানপানীৰ সময়ত অঞ্চলবাসীৰ বাবে নাওখনেই হৈ পৰে যাতায়াতৰ একমাত্ৰ ভৰসা। বিশেষকৈ ৰোগী আৰু শিক্ষাৰ্থীসকলক নাওৰ সহায়তহে ইপাৰ-সিপাৰ কৰিবলগীয়া হয়। জৰুৰীকালীন সময়ত ৰোগীক চিকিৎসালয়লৈ নিয়াৰ পৰা আৰম্ভ কৰি ছাত্ৰ-ছাত্ৰীৰ নিয়মীয়া শিক্ষাগ্ৰহণলৈকে বিভিন্ন ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈ আহিছে অঞ্চলটোৰ ৰাইজ।
এনে পৰিস্থিতিত অঞ্চলটোৰ ৰাইজে শীঘ্ৰে সুচল যাতায়াত ব্যৱস্থা গঢ়ি তোলাৰ বাবে স্থায়ী পথ আৰু দলং নিৰ্মাণৰ দাবী জনাইছে। লগতে বাৰিষা আৰু বানপানীৰ সময়ত ৰোগী, শিক্ষাৰ্থীকে ধৰি সাধাৰণ ৰাইজে যাতে যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন নহয়, তাৰ বাবে চৰকাৰ আৰু স্থানীয় জনপ্ৰতিনিধিসকলক শীঘ্ৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
