পৌৰ নিৰ্বাচনত ৫৩.০২ % লোকৰহে ভোটদান, চাৰিদিনীয়া বন্ধ পালন কৰি ভোটলৈ পিঠি দিলে নেকি?

অৱশেষত জল্পনা-কল্পনাৰ অৱসান ঘটাই সম্পন্ন হ’ল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন। বহুপ্ৰতীক্ষিত ৰাজধানী চহৰখনৰ পৌৰ নিগমৰ বাবে প্ৰশাসনে ব্যাপক প্ৰস্তুতি গঢ়ি তুলিছিল। পুৱাৰে পৰা প্ৰতিটো ভোটকেন্দ্ৰত গঢ়ি তোলা হৈছিল কটকটীয়া নিৰাপত্তা বেষ্টনী। প্ৰথমবাৰলৈ প্ৰতিদ্বন্দ্বিতা কৰিলে অসম জাতীয় পৰিষদ আৰু আম আদমী পাৰ্টীৰ প্ৰাৰ্থীয়ে। সমান্তৰালভাবে বিজেপি, অগপ আৰু কংগ্ৰেছ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতাৰ বিপৰীতে দেখা নগল ৰাইজৰ দল আৰু AIUDFৰ প্ৰাৰ্থী। যিদৰে ব্যাপক প্ৰচাৰ চলোৱা হৈছিল, প্ৰচাৰত ৰথী-মহাৰথী নামি পৰিছিল সেইদৰে ভোটাৰৰ উত্সাহ পৰিলক্ষিত নহল নিৰ্বাচনত। মাত্ৰ ৫৩.০২ % লোকেহে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। কামৰূপ(ম) জিলাৰ উপায়ুক্তই সদৰি কৰা অনুসৰি ৫৩.০২ % ভোটদান কৰিলে গুৱাহাটীবাসীয়ে। আনহাতে, ২০১৩ চনত ৫৫ শতাংশ লোকে ভোটদান কৰিছিল পৌৰ নিগমৰ নিৰ্বাচনত। শাসকৰ প্ৰতি অনীহা নে বিৰোধীৰ প্ৰতি আস্থাহীনতা? গুৱাহাটী মহানগৰীৰ ভোটাৰৰ নিৰুদ্বেগ-নিৰ্বিকাৰক লৈ উদ্বেগ প্ৰকাশ কৰিছে সচেতন লোকসকলে। গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি পিঠি দি চাৰিদিনীয়া বন্ধ পালন কৰিলে নেকি গুৱাহাটীবাসীয়ে? এতিয়া সকলোৰে দৃষ্টি ফলাফললৈ।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ভাৰতৰ আক্ৰমণৰ পিছত সেনাৰ মুখ্য কাৰ্যালয় স্থানান্তৰিত কৰাৰ পৰিকল্পনা পাকিস্তানৰ

ভাৰতৰ আক্ৰমণত পাকিস্তানৰ নুৰ খান বিমান ঘাটিত হোৱা ব্যাপক...

আমেৰিকাক শূন্য শুল্ক দ্বিপাক্ষিক বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ পাকিস্তানৰ

পাকিস্তানে আমেৰিকাক নিৰ্বাচিত পণ্যৰ ওপৰত শূন্য শুল্কৰ দ্বিপাক্ষিক বাণিজ্য...

ভাৰত-ভূটান সীমান্ত এলেকাত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে তৎপৰতাৰে পদক্ষেপ ল’বলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ

জনতা ভৱনত স্বাস্থ্য বিভাগৰ কাম-কাজৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ স্বাস্থ্যমন্ত্ৰী...

ভাৰতত এপলৰ সামগ্ৰী বনোৱা বন্ধ কৰিবলৈ ট্ৰাম্পৰ প্ৰস্তাৱ

মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে Appleৰ CEO টিম কুকক ভাৰতত...