মহেন্দ্ৰ সিং ধোনীৰ অৱসৰৰ এটা বছৰ

2020 বৰ্ষৰ আজিৰ দিনটোতে ভাৰতক দুবাৰকৈ বিশ্ব চেম্পিয়নৰ সোৱাদ দিয়া কেপ্টেইন কুল নামে খ্যাত মহেন্দ্ৰ সিং ধোনীৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা সন্ন্যাস ঘোষণা কৰিছিল।

ইনষ্টাগ্ৰাম এক ভিডিঅ’ প’ষ্ট শ্বেয়াৰ কৰি নিজৰ অৱসৰ ঘোষণাৰ কথা উল্লেখ কৰিছিল খেলুৱৈগৰাকীয়ে ৷ ‘‘Thanks a lot for ur love and support throughout.from 1929 hrs consider me as Retired’’

1981 চনৰ 7 জুলাইত জন্মগ্ৰহণ কৰা ধোনীৰ শৈশৱ কালৰ পৰাই ক্ৰিকেটৰ প্ৰতি অধিক দুৰ্বলতা আছিল ৷ মাত্ৰ 18 বছৰ বয়সতেই বিহাৰৰ ৰঞ্জী দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ধোনীয়ে ৷ ইয়াৰ পাচত ৰে’লৱেৰ হৈ খেলিবলৈ আৰম্ভ কৰিছিল ধোনীয়ে ৷ 2003 চনত জিম্বাবুৱে আৰু কেনিয়া ভ্ৰমণসূচীত ইণ্ডিয়া-এ দলত স্থান লাভ কৰে ধোনীয়ে ৷ এই শৃংখলাত ধোনীয়ে 7 খন মেচত 362 ৰান কৰিবলৈ সক্ষম হৈছিল লগতে উইকেটকীপিঙটো ধোনীয়ে চমক দেখুৱাবলৈ সক্ষম হয় ৷

ইয়াৰ পাচতেই সৌৰভ গাংগুলীৰ নেতৃত্বাধীন ভাৰতীয় দলত 2004 চনত স্থান লাভ কৰাৰ সুযোগ লাভ কৰিছিল ধোনীয়ে ৷ ৰাহুল দ্ৰাৱিড়ৰ নেতৃত্বৰ অৱসান ঘটাৰ পাচতেই ধোনীয়ে অধিনায়কৰ দায়িত্ব লাভ কৰি প্ৰথমে 2007 চনৰ টি-20 বিশ্বকাপ আৰু পাচলৈ 2011 চনৰ এদিনীয়া বিশ্বকাপ জয় কৰিবলৈ সক্ষম হৈছিল ৷

ধোনীয়ে নিজৰ 90 খন আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটৰ 114 টা ইনিংছত 4876 ৰান কৰিবলৈ সক্ষম হৈছিল ৷ য’ত আছে 6 টা শতক, 1 টা দ্বি-শতক আৰু 33 টা অৰ্ধশতক ৷ আনহাতে এদিনীয়া ক্ৰিকেটৰ 350 খন মেচৰ 297 টা ইনিংছত ধোনীৰ নামত আছে 10773 ৰান ৷ য’ত সন্নিৱিষ্ট আছে 10 টা শতক, 73 টা অৰ্ধশতক ৷ ইপিনে আন্তঃৰাষ্ট্ৰীয় টি-20 ত ধোনীৰ নামত আছে 1617 ৰান ৷

ধোনীয়ে বাংলাদেশৰ বিৰুদ্ধে 2004 চনত এদিনীয়া ক্ৰিকেটত অভিষেক কৰাৰ বিপৰীতে 2005 চনত শ্ৰীলংকাৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটত পদাৰ্পণ কৰিছিল ৷ ধোনীয়ে 2014 চনতেই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটৰ পৰা সন্ন্যাস ঘোষণা কৰিছিল ৷

ধোনীৰ উইকেটৰ পিচতো আছে অনন্য অভিলেখ ৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ধোনীৰ নামত উইকেটৰ পাচত আছে 829 টা চিকাৰ ৷ ইয়াৰ ভিতৰত আছে 634 টা কেট্ছ, 195 টা ষ্টাম্পিং ৷ মাৰ্ক বাউচাৰ (998) আৰু এডাম গিলখ্ৰীষ্টৰ (905) পাচতেই তৃতীয় স্থানত আছে ধোনী ৷

মহেন্দ্ৰ সিং ধোনী

অধিনায়ক হিচাপেও ধোনী হৈছে ভাৰতীয় ক্ৰিকেটৰ আটাইতকৈ সফলতম অধিনায়ক ৷ ধোনীৰ অধিনায়কৰ শতকৰা বিজয়ী হাৰ হৈছে 59.52 শতাংশ ৷ 200 খন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অধিনায়কৰ ভূমিকা পালন কৰি ধোনীয়ে 110 খনত জয়, 74 খনত পৰাজয়, 5 খন ড্ৰ’ লাভ কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে 11 খন মেচত ফলাফল অমীমাংসিত হৈ ৰয় ৷

আনহাতে ধোনীৰ নামত আছে আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটত 229 টা ছিক্স ৷ এদিনীয়া ক্ৰিকেটত 10 হাজাৰ ৰান অতিক্ৰম কৰা পঞ্চমগৰাকী ভাৰতীয় খেলুৱৈ হৈছে মহেন্দ্ৰ সিং ধোনী ৷ অৱশ্যে আইপিএলৰ ত্ৰয়োদশ সংস্কৰণত দেখা পোৱা যাব মাহীক ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...