নাৰায়ণপুৰত উৰিল বিজেপিৰ পতাকা

স্বাধীনতা দিৱস উদযাপনৰ সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অথন্তৰ। নাৰায়ণপুৰত উৰিল বিজেপিৰ পতাকা, ডিব্ৰুগড়ত ভাষণৰ মাজতে বন্ধ হৈ পৰে অনুভাষ যন্ত্ৰ, শিলচৰত বোকাত আৱদ্ধ মন্ত্ৰী।

নাৰায়ণপুৰৰ ধলপুৰত স্বাধীনতা দিৱস উদযাপন কৰিবলৈ আহি হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হ’ল ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত। খেলপথাৰখনত বিজেপি দলৰ পতাকা উত্তোলন কৰি ৰখাক কেন্দ্ৰ কৰি একাংশ যুৱকে জবাবদিহি কৰিলে উদ্যোক্তাসকলক। উল্লেখ্য যে, বিগত কিছুদিন ধৰি খেলপথাৰখনত স্থানীয় বিধায়ক অমিয় ভুঞাৰ উদ্যোগত চলি আছিল আৰক্ষীত ভৰ্তিৰ বাবে শাৰীৰিক অনুশীলন। যাৰ বাবে এইবাৰ সকলো মিলি স্বাধীনতা দিৱস পালনৰ ব্যৱস্থা কৰিছিল বিজেপিৰ উদ্যোগত। ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পূৰ্বে খেলপথাৰ খনত বিজেপি দলৰ পতাকা দেখি একাংশ যুৱকৰ হুলস্থূল। পৰিস্থিতি সুস্থিৰ হোৱাৰ পাছত পালন কৰা হ’ল স্বাধীনতা দিৱস।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...

ডিব্ৰুগড়ৰ পৰা বাংলাদেশলৈ পুনৰ আৰম্ভ হ’ল আন্তঃৰাষ্ট্ৰীয় জলপথেৰে বাণিজ্য

স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে বগীবিলৰ পৰা বাংলাদেশলৈ ৰপ্তানি হ’ব...

বিশ্বৰ ৬নম্বৰ খেলুৱৈক হৰুৱাই ইতিহাস অনাহত সিঙৰ, এছিয়ান গেমছৰ ফাইনেলত প্ৰৱেশ

এছিয়ান গেমছ ২০২৬ত ভাৰতীয় স্কোৱাছ খেলুৱৈ অনাহত সিঙে দেখুৱালে...