উমৰাংছ’ৰ অবৈধ কয়লাখনি চলোৱাৰ নামত গ্ৰেপ্তাৰ আন এজন

প্ৰসংগ: উমৰাংছ’ ট্ৰেজেডী। কয়লাখনিত উদ্ধাৰ অভিযানৰ আজি চতুৰ্থ দিন। বৰ্তমানেও সন্ধান নাই কয়লাখনিত আবদ্ধ শ্ৰমিকৰ। অবৈধ কয়লাখনি চলোৱাৰ নামত গ্ৰেপ্তাৰ আন এজন। গ্ৰেপ্তাৰ ৩ কিলোৰ হানন লস্কৰ নামৰ লোকজনক। পূৰ্বে গ্ৰেপ্তাৰ হোৱা পুনিছ নুনিছাৰ স্বীকাৰোক্তিৰ ভিত্তিত গ্ৰেপ্তাৰ হাননক। অবৈধভাৱে পুনিছ, হাননহঁতে চলাই গৈছিল কয়লাখনি। বহু শ্ৰমিকৰ জীৱন তুচ্ছ কৰি নমাই দিছিল অটল গহ্বৰত। দিনে-নিশাই অন্ধকাৰ কয়লা খাদত কাম কৰিছিল শ্ৰমিকে। আবদ্ধ শ্ৰমিকৰ উদ্ধাৰৰ ক্ষেত্ৰত সফল হ’ব পৰা নাই উদ্ধাৰকাৰী দল। নিতৌ নতুন সম্পৰীক্ষা চলিছে উদ্ধাৰ কাৰ্যত। শেহতীয়াকৈ নাগপুৰৰ পৰা অনা হৈছে বিশাল পানী সিঁচা যন্ত্ৰ। নাদত জমা হৈ থকা পানীয়ে বাৰে বাৰে ব্যাঘাত জন্মাইছে উদ্ধাৰত।

Popular

More like this
Related

৬৫জন বিধায়কৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৮২৯ কোটি টকা

দিল্লীৰ বৰ্তমানৰ ৬৫জন বিধায়কৰ ৰিপ'ৰ্ট কার্ড প্রকাশ পাইছে। নির্বাচন...

কংগ্রেছ ক্ষমতালৈ আহিলে মাহে ৮৫০০ টকাকৈ দিব শিক্ষিত নিবনুৱাক

দিল্লী বিধানসভাৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত অনাগত দিল্লী বিধানসভাৰ নিৰ্বাচনৰ...

নতুন দিল্লীত য়’নেক্স-ছানৰাইজ ইণ্ডিয়া অ’পেন আৰম্ভ

জয়ৰে ক’ৰ্টলৈ প্ৰত্যাৱৰ্তন পি ভি সিন্ধুৰ দীৰ্ঘ বিৰতিৰ পাছত পুনৰ...

যাৱজ্জীৱন কাৰাদণ্ডৰ পৰা ১৪ বছৰলৈ হ্ৰাস পৰেশ বৰুৱাৰ শাস্তি

ছট্টগ্ৰামৰ ১০ ট্ৰাক চোৰাং অস্ত্ৰ সৰবৰাহৰ গোচৰত শাস্তি কমিল...