১২ ঘণ্টাৰ ভিতৰত গুৱাহাটীত দুগৰাকীকৈ যুৱতীৰ মৃতদেহ উদ্ধাৰ

১২ ঘণ্টাৰ ভিতৰত গুৱাহাটীত দুগৰাকীকৈ যুৱতীৰ মৃতদেহ উদ্ধাৰ। শুকুৰবাৰে ৰুক্মিণীগাঁৱৰ ভাড়াঘৰত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ। ৰুক্মিণীগাঁৱৰ হাউছ নম্বৰ- ৮ত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ মৃতদেহ। ডেৰমাহ পূৰ্বে ঘৰটো ভাড়াত লৈছিল যুৱতীগৰাকীয়ে। বিপ্লৱী নাথ নামৰ মৃত যুৱতীগৰাকীৰ ঘৰ গোৱালপাৰাত। বুধবাৰে বিপ্লৱীক অন্তিমবাৰৰ বাবে দেখিছিল ঘৰৰ মালিকে। বৃহস্পতিবাৰৰ পৰা কোঠাৰ ভিতৰৰ পৰা বাহিৰলৈ ওলোৱা নাছিল বিপ্লৱী। লখিমপুৰৰ ৰিতু নামৰ আন এগৰাকী বান্ধৱী প্ৰায়ে আছিল বিপ্লৱীৰ সৈতে। লেকমি কোম্পানীত কৰ্মৰত আছিল গোৱালপাৰাৰ বিপ্লৱী নাথ। বৃহস্পতিবাৰে তৰুণ নগৰত উদ্ধাৰ হৈছিল তিনিচুকীয়াৰ এগৰাকী যুৱতীৰ মৃতদেহ। পাকঘৰত চি*প লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল প্ৰতীক্ষা শৰ্মাৰ মৃতদেহ। দুয়োটা ঘটনাৰ তদন্ত আৰম্ভ কৰিছে মহানগৰ আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অপাৰেচন সিন্দূৰক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, অপাৰেচন সিন্দূৰৰ সময়ত...

অপাৰেচন কেলাৰ কি?

অপাৰেচন কেলাৰ হৈছে ভাৰতীয় সেনাৰ দ্বাৰা জম্মু আৰু কাশ্মীৰৰ...

ভাৰতীয় সাংবাদিকৰ পৰা তথ্য আহৰণৰ চেষ্টা পাকিস্তানী চোৰাংচোৱাৰ

পাকিস্তানৰ গুপ্তচৰ সংস্থাই ভাৰতীয় সাংবাদিক আৰু সাধাৰণ নাগৰিকৰ সৈতে...

‘দবা নেখেলিব; ই জুৱাৰ লগত জড়িত’

তালিবান চৰকাৰে আফগানিস্তানত দবা খেলৰ ওপৰত পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে...