১২ ঘণ্টাৰ ভিতৰত গুৱাহাটীত দুগৰাকীকৈ যুৱতীৰ মৃতদেহ উদ্ধাৰ

১২ ঘণ্টাৰ ভিতৰত গুৱাহাটীত দুগৰাকীকৈ যুৱতীৰ মৃতদেহ উদ্ধাৰ। শুকুৰবাৰে ৰুক্মিণীগাঁৱৰ ভাড়াঘৰত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ। ৰুক্মিণীগাঁৱৰ হাউছ নম্বৰ- ৮ত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ মৃতদেহ। ডেৰমাহ পূৰ্বে ঘৰটো ভাড়াত লৈছিল যুৱতীগৰাকীয়ে। বিপ্লৱী নাথ নামৰ মৃত যুৱতীগৰাকীৰ ঘৰ গোৱালপাৰাত। বুধবাৰে বিপ্লৱীক অন্তিমবাৰৰ বাবে দেখিছিল ঘৰৰ মালিকে। বৃহস্পতিবাৰৰ পৰা কোঠাৰ ভিতৰৰ পৰা বাহিৰলৈ ওলোৱা নাছিল বিপ্লৱী। লখিমপুৰৰ ৰিতু নামৰ আন এগৰাকী বান্ধৱী প্ৰায়ে আছিল বিপ্লৱীৰ সৈতে। লেকমি কোম্পানীত কৰ্মৰত আছিল গোৱালপাৰাৰ বিপ্লৱী নাথ। বৃহস্পতিবাৰে তৰুণ নগৰত উদ্ধাৰ হৈছিল তিনিচুকীয়াৰ এগৰাকী যুৱতীৰ মৃতদেহ। পাকঘৰত চি*প লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল প্ৰতীক্ষা শৰ্মাৰ মৃতদেহ। দুয়োটা ঘটনাৰ তদন্ত আৰম্ভ কৰিছে মহানগৰ আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...