নাৰী দিৱস উপলক্ষে অৰ্জুন নয়নমণি শইকীয়ালৈ ‘সদিচ্ছা বছৰটোৰ শ্ৰেষ্ঠ নাৰী’ৰ সন্মান

আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি স্বেচ্ছাসেৱী সংগঠন সদিচ্ছাই দেওবাৰে অনুষ্ঠিত কৰে এক বঁটা প্ৰদান অনুষ্ঠান। সুৰক্ষা, সচেতনতা আৰু সজীৱ জীৱনৰ দিশে এখোজ মূলমন্ত্ৰৰে সমাজসেৱাত ব্ৰতী স্বেচ্ছাসেৱী সংগঠন “সদিচ্ছা”ই হোটেল গেটৱে’ গ্ৰেণ্ডিয়ৰত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰে।বিভিন্ন বিষয়ত বিভিন্ন ক্ষেত্ৰত ব্যতিক্ৰমী কৰ্মৰে উজ্বলি উঠা আৰু আনক প্ৰেৰণা যোগোৱা চাৰি গৰাকী নাৰীক “সদিচ্ছা বঁটা ২০২৫” আৰু এগৰাকী নাৰীক “সদিচ্ছা বছৰটোৰ শ্ৰেষ্ঠ নাৰী ২০২৫” প্ৰদান কৰা হয়। সদিচ্ছা বছৰটোৰ শ্ৰেষ্ঠ নাৰী ২০২৪ প্ৰদান কৰা হয় কমনৱেলথ গেমছ আৰু ৰাষ্ট্ৰীয় ক্ৰীড়াত সোণৰ পদক জয়েৰে অসমক গৌৰৱান্বিত কৰা অৰ্জুন বঁটা জয়ী, অসম সৌৰভ নয়নমণি শইকীয়াক।

মানৱপ্ৰেমী দেৱপ্ৰসাদ শইকীয়াৰ সোঁৱৰণত প্ৰদান কৰা হয় এই বঁটা।আনহাতে পদুম কুমাৰী দত্ত সোৱৰণি সদিচ্ছা সংগ্রামী বঁটা প্ৰদান কৰা হয় ৬০–৭০ৰ দশকত অৰুণাচলত শিক্ষাৰ পোহৰ বিলোৱা বিশিষ্ট শিক্ষাবিদ, ৮৩ বছৰীয়া তপেশ্বৰী বৰাক। সভাত অৰুণা বৰুৱা সদিচ্ছা সমাজসেৱা বঁটা ২০২৫ আগবঢ়োৱা হয় দুবাৰকৈ কৰ্কট জয় কৰি কৰ্কট ৰোগীৰ সেৱাত উত্সৰ্গিত ডিব্ৰুগড়ৰ পান্না ভৰালীক। যোগদাপ্ৰভা কাকতি সোঁৱৰণি সদিচ্ছা উদ্যমী বঁটা প্ৰদান কৰা হয় দুচকীয়া বাহনেৰে যোৱা বৰ্ষত ৬৪খন দেশ অকলে পৰিভ্ৰমণ কৰা বাইকাৰ মীনাক্ষি দাসক। অনুষ্ঠানত লখিমী বৰা সদিচ্ছা উদ্যোগী বঁটা যুৱউদ্যোগী সুৰুলী মোহনক প্ৰদান কৰা হয়।


এই চাৰিওগৰাকী বঁটা প্ৰাপকক অংগবস্ত্ৰ, গোলাপ ফুল, গামোচাৰ লগতে ১০,০০০ টকাকৈ আৰ্থিক পুৰস্কাৰ প্ৰদান কৰা হয়। এই অনুষ্ঠানতে বিশিষ্ট ক্ৰীড়াবিদ, এছিয়ান গেমছত স্বৰ্ণজয়ী বনগীতা হাজৰিকা, আন্তৰ্জাতিক ক্ৰীড়া ফটো সাংবাদিক গীতিকা তালুকদাৰকো বিশেষ সম্বৰ্ধনা জনোৱা হয়। সদিচ্ছাৰ এই মজিয়াতে পৰিচয় লাভ কৰা বিশেষভাৱে সক্ষম কিশোৰী নাট্যশিল্পী তামান্না মহন্তৰ চিকিৎসাৰ দায়িত্ব SRD গ্ৰুপে গ্ৰহণ কৰিব বুলি প্ৰতিষ্ঠানটোৰ সঞ্চালক অনুপম ডেকাই ঘোষণা কৰে । আন এগৰাকী শুভচিন্তক ডলী তালুকদাৰেও তামান্নাক ১০০০০/- টকাৰ আৰ্থিক অনুদান আগবঢ়ায় সদিচ্ছাৰ এই অনুষ্ঠানতে।

অনুষ্ঠানত অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ অধ্যক্ষ ড০ অৰূপ কুমাৰ মিশ্ৰ, NRLৰ পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকন, SRD গ্ৰুপৰ সঞ্চালক, বিশিষ্ট উদ্যোগপতি অনুপম ডেকা তথা অইল ইণ্ডিয়াৰ মহাপ্ৰৱন্ধক অৰুণজ্যোতি বৰুৱা, জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ, ডিব্ৰুগড় মেডিকেল কলেজৰ অধ্যাপক ডাঃ গায়ত্ৰী গগৈয়ে বিশিষ্ট অতিথিৰূপে অংশ লয়। সদিচ্ছাৰ সভাপতি মনালিছা বৰুৱাই আদৰণি ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানটি আঁত ধৰে ময়ুৰী দত্তই। বন্তি প্ৰজ্বলন কৰে সদিচ্ছাৰ ৩গৰাকী উপদেষ্টা, প্ৰাক্তন আই এ এছ বিষয়া গায়ত্ৰী বৰুৱা, গৰিমা শইকীয়া আৰু মঞ্জুলা ভট্টাচাৰ্যই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অপাৰেচন সিন্দূৰক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, অপাৰেচন সিন্দূৰৰ সময়ত...

অপাৰেচন কেলাৰ কি?

অপাৰেচন কেলাৰ হৈছে ভাৰতীয় সেনাৰ দ্বাৰা জম্মু আৰু কাশ্মীৰৰ...

ভাৰতীয় সাংবাদিকৰ পৰা তথ্য আহৰণৰ চেষ্টা পাকিস্তানী চোৰাংচোৱাৰ

পাকিস্তানৰ গুপ্তচৰ সংস্থাই ভাৰতীয় সাংবাদিক আৰু সাধাৰণ নাগৰিকৰ সৈতে...

‘দবা নেখেলিব; ই জুৱাৰ লগত জড়িত’

তালিবান চৰকাৰে আফগানিস্তানত দবা খেলৰ ওপৰত পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে...