এদিনীয়া ভ্ৰমণসূচীৰে নেপালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

এদিনীয়া ভ্ৰমণসূচীৰে নেপালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাৰ আমন্ত্ৰণ ৰক্ষা কৰি বুদ্ধ পূৰ্ণিমাৰ দিনা প্ৰধানমন্ত্ৰীজনে ভ্ৰমণ কৰিব লুম্বিনীৰ মায়াদেৱী মন্দিৰ। এই ভ্ৰমণৰ প্ৰাকক্ষণত শুকুৰবাৰে বৈদেশিক সচিব বিনয় মোহন কোৱাট্ৰাই কয় যে, ভাৰতে সদায়ে দ্বিপাক্ষিক প্ৰণালী বজাই ৰাখিবলৈ চেষ্টা কৰি আহিছে। প্ৰধানমন্ত্ৰী মোদীয়ে নেপাল ভ্ৰমণৰ সময়ত নেপালত অনুষ্ঠিত হ’ব লগীয়া বৈঠকত জলবিদ্যুত আৰু যোগাযোগ ব্যৱস্থাকে ধৰি আন কেইবাটাও বিষয়ৰ ওপৰত আলোচনাত মিলিত হ’ব। প্ৰধানমন্ত্ৰীজনৰ এই ভ্ৰমণে দুয়োখন দেশৰ মাজত পাৰস্পৰিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰিব বুলিও জানিবলৈ দিয়ে।

জানিব পৰা মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ পিছত পঞ্চমবাৰৰ বাবে নেপাল ভ্ৰমণ কাৰ্যসূচী হাতত লৈছে। ইয়াৰ লগতে ভাৰতৰ প্ৰধানমন্ত্ৰীজনে নেপাল চৰকাৰৰ অধীনত আয়োজন কৰা বুদ্ধ জয়ন্তী অনুষ্ঠানতো ভাগ ল’ব আৰু ভাষণ প্ৰদান কৰিব। আনহাতে, প্ৰধানমন্ত্ৰীজনে বৌদ্ধ সংস্কৃতি আৰু ঐতিহ্য কেন্দ্ৰ ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপনৰ কাৰ্যসূচীটো অংশ ল’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...