এদিনীয়া ভ্ৰমণসূচীৰে নেপালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

এদিনীয়া ভ্ৰমণসূচীৰে নেপালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাৰ আমন্ত্ৰণ ৰক্ষা কৰি বুদ্ধ পূৰ্ণিমাৰ দিনা প্ৰধানমন্ত্ৰীজনে ভ্ৰমণ কৰিব লুম্বিনীৰ মায়াদেৱী মন্দিৰ। এই ভ্ৰমণৰ প্ৰাকক্ষণত শুকুৰবাৰে বৈদেশিক সচিব বিনয় মোহন কোৱাট্ৰাই কয় যে, ভাৰতে সদায়ে দ্বিপাক্ষিক প্ৰণালী বজাই ৰাখিবলৈ চেষ্টা কৰি আহিছে। প্ৰধানমন্ত্ৰী মোদীয়ে নেপাল ভ্ৰমণৰ সময়ত নেপালত অনুষ্ঠিত হ’ব লগীয়া বৈঠকত জলবিদ্যুত আৰু যোগাযোগ ব্যৱস্থাকে ধৰি আন কেইবাটাও বিষয়ৰ ওপৰত আলোচনাত মিলিত হ’ব। প্ৰধানমন্ত্ৰীজনৰ এই ভ্ৰমণে দুয়োখন দেশৰ মাজত পাৰস্পৰিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰিব বুলিও জানিবলৈ দিয়ে।

জানিব পৰা মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ পিছত পঞ্চমবাৰৰ বাবে নেপাল ভ্ৰমণ কাৰ্যসূচী হাতত লৈছে। ইয়াৰ লগতে ভাৰতৰ প্ৰধানমন্ত্ৰীজনে নেপাল চৰকাৰৰ অধীনত আয়োজন কৰা বুদ্ধ জয়ন্তী অনুষ্ঠানতো ভাগ ল’ব আৰু ভাষণ প্ৰদান কৰিব। আনহাতে, প্ৰধানমন্ত্ৰীজনে বৌদ্ধ সংস্কৃতি আৰু ঐতিহ্য কেন্দ্ৰ ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপনৰ কাৰ্যসূচীটো অংশ ল’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...