ভূমিস্খলনৰ বাবে গুৱাহাটী-শিলচৰ পথত আৱদ্ধ প্ৰাক্তন বিধায়িকা ৰুমী নাথ

ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰৰ পৰা বৰাক উপত্যকালৈ যোৱা একমাত্ৰ সুচল পথটোত ভূমিস্খলনৰ বাবে আৱদ্ধ হৈ আছ প্ৰায় দহ হাজাৰ লোক। বৰাক উপত্যকা, ডিমা হাছাও আৰু মেঘালয়ত যোৱা চাৰিদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত মেঘালয় আৰু ডিমা হাছাওৰ বিভিন্ন স্থানত ভয়ংকৰ ভূমিস্খলন হৈছে। অসম-মেঘালয় হৈ বৰাকলৈ যোৱা পথৰ ডিমা হাছাওৰ বহু পথত হোৱা ভূমিস্খলনৰ ফলত বহু যাত্ৰী ঘণ্টাৰ পাছত ঘণ্টা আৱদ্ধ হৈ থাকিব লগীয়া হয়।

উল্লেখ্য় যে, গুৱাহাটীৰ পৰা বৰাকলৈ যোৱা এই পথটোত হাজাৰ হাজাৰ লোকৰ লগতে আৱদ্ধ হৈ আছে প্ৰাক্তন বিধায়িকা ৰুমী নাথো। প্ৰাক্তন বিধায়িকা গৰাকীৰ অভিযোগ অনুসৰি পথত আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে অসম চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই। আৰু পথটো মুকলি কৰাৰ বাবেও কোনো ধৰণৰ ব্য়ৱস্থা হাতত লোৱা নাই। ৰুমী নাথৰ মন্তব্য অনুসৰি শিশু-মহিলাৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে বহু লোক আৱদ্ধ হৈ আছে আৰু যাৰ খোৱা সামগ্ৰীৰ পৰা আৰম্ভ কৰি শৌচ-প্ৰস্ৰাবৰো কোনো ধৰণৰ ব্যৱস্থা নাই বুলিও তেওঁ মন্তব্য কৰে। আৰু এই সন্দৰ্ভত প্ৰাক্তন বিধায়িকা গৰাকীয়ে কাছাৰৰ উপাযুক্তলৈ ফোনযোগে অভিযোগ দিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

গুৱাহাটীৰ বেলতলাত উদ্বোধন পিকলবল খেলৰ অত্যাধুনিক কৰ্ট

বিশ্বত দ্ৰুতগতিত জনপ্ৰিয় হৈ পৰা পিকলবল খেলৰ এখন কৰ্ট...

চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে যোৰহাট

চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে যোৰহাট। একাংশ উদণ্ড যুৱকৰ দলবদ্ধ আক্ৰমণত...

টীয়কত দুৰ্ঘটনাত পতিত হুঁচৰি দল, আহত প্ৰায় ১০ বিহুৱা-বিহুৱতী

নিশা টীয়কৰ ভগামুখত দুৰ্ঘটনাত পতিত হুঁচৰি দল কঢ়িওৱা মেজিক।...

আগন্তুক তিনিঘণ্টাত বতৰে ল’ব কালৰূপ!

প্ৰয়োজন নহ'লে নোলাব ঘৰৰ পৰা। আগন্তুক তিনিঘণ্টাত বতৰে ল'ব...