অবৈধ নাৰ্ছিংহোমৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সাহস নাই কিয়?

0 121

খেনোক দেখি ৰান্ধে বাঢ়ে, খেনোক দেখি দুৱাৰ মাৰে GMC-এ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ গৃহক লৈ কঠোৰ GMC। কিন্তু মহানগৰীৰ ব্যক্তিগত নাৰ্ছিংহোমৰ জালিয়াতিক লৈ নিমাত। মহানগৰীৰ একাংশ ব্যক্তিগত নাৰ্ছিংহোমৰ বৃহৎ জালিয়াতি। মহানগৰীৰ ৬১খন নাৰ্ছিংহোমৰ অধিকাংশৰে নাই বৈধ নথি । GMC আৰু GMDAৰ অধীনৰ মাত্ৰ ১১খন নাৰ্ছিংহোমৰহে আছে নথি। ৫০খন নাৰ্ছিংহোমেই নিৰ্মিত হৈছে নথি-পত্ৰ জালিয়াতি।

ভুৱা নথিৰে নিৰ্মাণ দিছপুৰ পলিক্লিনিক নাৰ্ছিংহোম! চৰকাৰী ভূমিত নিৰ্মাণ এক্সেল, ছানভেলী নাৰ্ছিংহোম। ডাউন টাউন হাস্পতালৰ অনুমতি এখন দোকানঘৰৰ নামত। বিস্ফোৰক দাবী RTI কৰ্মী দিলীপ নাথৰ। অবৈধ নাৰ্ছিংহোমৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সাহস নাই কিয়? ৰাজধানীৰ অবৈধ নাৰ্ছিংহোমৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ চৰকাৰক প্ৰত্যাহ্বান

Leave A Reply

Your email address will not be published.