অসাৰ হ’ল চৰকাৰৰ নমামি ব্ৰহ্মপুত্ৰ, ক’ত গ’ল চৰকাৰৰ বানমুক্ত অসমৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি?’

শংকা আঁতৰা নাই ডিব্ৰুগড় চহৰৰ। মাইজানত খহিয়েই আছে বুঢ়া লুইতৰ গৰা। ইতিমধ্যে মথাউৰিৰ পৰা ২০০ মিটাৰ অংশ বুঢ়া লুইতত জাহ গৈছে। তাৰপিছতে তৎপৰতাৰে পুৰণি মথাউৰি খান্দি নতুন মথাউৰি নিৰ্মাণেৰে ডিব্ৰুগড়ক ৰক্ষাৰ আপ্ৰাণ চেষ্টা জলসম্পদ বিভাগৰ।

শুকুৰবাৰে মাইজানৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰি চৰকাৰৰ বিৰুদ্ধে সৰৱ হ’ল বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। সময় মতে সঠিক পদক্ষেপ নোলোৱা বাবে বৰ্তমানৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি দাবী শইকীয়াৰ। চৰকাৰক সমালোচনাৰে থকাসৰকা কৰিলে প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকনেও।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

খেলি থাকোঁতেই মুখত সোমাল লোহাৰ ৰড! ৪০ মিনিটৰ জটিল অস্ত্ৰোপচাৰত প্ৰাণৰক্ষা ৫ বছৰীয়া শিশুৰ

গুজৰাটৰ পাটন জিলাৰ সামি তালুকাৰ বেদ গাঁৱত সংঘটিত হৈছে...

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...