অসাৰ হ’ল চৰকাৰৰ নমামি ব্ৰহ্মপুত্ৰ, ক’ত গ’ল চৰকাৰৰ বানমুক্ত অসমৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি?’

শংকা আঁতৰা নাই ডিব্ৰুগড় চহৰৰ। মাইজানত খহিয়েই আছে বুঢ়া লুইতৰ গৰা। ইতিমধ্যে মথাউৰিৰ পৰা ২০০ মিটাৰ অংশ বুঢ়া লুইতত জাহ গৈছে। তাৰপিছতে তৎপৰতাৰে পুৰণি মথাউৰি খান্দি নতুন মথাউৰি নিৰ্মাণেৰে ডিব্ৰুগড়ক ৰক্ষাৰ আপ্ৰাণ চেষ্টা জলসম্পদ বিভাগৰ।

শুকুৰবাৰে মাইজানৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰি চৰকাৰৰ বিৰুদ্ধে সৰৱ হ’ল বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। সময় মতে সঠিক পদক্ষেপ নোলোৱা বাবে বৰ্তমানৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি দাবী শইকীয়াৰ। চৰকাৰক সমালোচনাৰে থকাসৰকা কৰিলে প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকনেও।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নেপালত হিমস্খলনৰ ভয়ংকৰ তাণ্ডৱ! ৪ জনৰ মৃত্যু, সন্ধানহীন ১২জন

নেপালৰ উত্তৰ-মধ্যাঞ্চলৰ ৭,১২৬ মিটাৰ উচ্চতাৰ মাউণ্ট হিমলুংত ভয়ংকৰ হিমস্খলনত...

ৰেংকিঙৰ জোৰত এছিয়ান গেমছৰ ছেমিফাইনেলত ভাৰত

এটা বলো নোহোৱাকৈয়ে এছিয়ান গেমছ ২০২৬ৰ ক্ৰিকেটৰ কোৱাৰ্টাৰ ফাইনেলৰ...

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...