বোমা প্ৰস্তুত কৰি হেৰুৱাইছিল দুটা আঙুলি; বুবু কোঁৱৰৰ A to Z

গুৱাহাটী, ২৩ জুন, NKTVবুবু কোঁৱৰ…ঘৰ শিৱসাগৰৰ ৰতনপুৰীয়াত। স্কুলীয়া জীৱনৰ পৰাই অপৰাধৰ পৃষ্ঠাই-পৃষ্ঠাই বুবু কোঁৱৰক বিচাৰি পোৱা যাব। অস্ত্ৰ সৰবৰাহকাৰী ৰূপেও কাম কৰিছিল বুবুয়ে। বোমা নিৰ্মাণ কৰি হেৰুৱাইছিল দুটা আঙুলি। গাড়ীচোৰ ডকাইতি-চুপাৰি কিলাৰলৈ… সকলোতে বুবু কোঁৱৰৰ নাম। আৰ্মছ স্মাগলাৰ বুবুক ব্যৱহাৰ কৰিছিল আলফাইয়ো। ডিমাপুৰ, কহিমাকে আদি কৰি ডিব্ৰুগড়, গুৱাহাটী, শিৱসাগৰত অস্ত্ৰৰ ব্যৱসায় আছিল বুবুৰ। বুবুৰ নেতৃত্বত মূৰ দাঙি উঠিছিল গাড়ী চুৰি আৰু ডকাইতৰ গেং।

চন ২০০০ : ডাঃ চৈয়দ আতিকুৰ হকৰ ঘৰত ডকাইতি

চন ২০০২ : শিৱসাগৰৰ চুৰেণ খনিকৰৰ ঘৰত ডকাইতি লুটপাত, গাড়ীলৈ উধাও

চন ২০০২ : জাঁজী গড়মূৰৰ বিপুল বৰকটকীৰ গাড়ী লৈ উধাও

চন ২০১৫ : নুনমাটিৰ গাড়ীচালক ধীৰাজ তালুকদাৰক হত্যা

চন ২০০২ : আমগুৰি থানাত গ্ৰেপ্তাৰ হৈছিল অস্ত্ৰ ভাণ্ডাৰৰ সৈতে

চন ২০০৮ : শিৱসাগৰত কংগ্ৰেছ নেতা হেমন্ত বৰাক হত্যা

চন ২০০৯ : বেতবাৰীৰ প্ৰশান্ত বৰুৱা নামৰ এজনক হত্যা

চন ২০১০ : শিৱসাগৰৰ ব্যৱসায়ী অনিল জৈনক অপহৰণ

চন ২০১২ : যোৰহাটৰ ব্যৱসায়ী কৈলাশ গিণৰীয়াক হত্যা

চন ২০১৪ : ধ্ৰুৱজ্যোতি তালুকদাৰ নামৰ এজনক হত্যা

কিমান জঘন্য আছিল বুবু কোঁৱৰ?

মাত্ৰ ৬টা জঘন্য হত্যাৰ উদাহৰণ
হত্যা–১
গুৱাহাটী মহানগৰীৰ হাতীগাঁও
২৯ আগষ্ট ২০১৫ চন
বুবুৰ পত্নীয়ে ভাৰালৈ লৈছিল এখন গাড়ী
হাতীগাঁৱৰ পৰা ৰাওনা হৈছিল আমগুৰিলৈ
পত্নীদ্বয় ফুগুলী, প্ৰিয়ংকা, বন্ধু অমিয়, পাপৰি, অনন্ত
ধীৰাজৰ মৃতদেহ উটুৱাই দিছিল জাঁজী নৈত
হত্যা–২
কৈলাশ আগৰৱালা গিনৰীয়া
পঞ্চী গগৈ দত্ত নামৰ এগৰাকী যুৱতীক
শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল বুবুয়ে
হত্যা–৩
যোৰহাটৰ নমুনাবাগান প্ৰাথমিক বিদ্যালয়
প্ৰধান শিক্ষক দ্বিজেন্দ্ৰ নাথ গগৈক হত্যা
গ্ৰেপ্তাৰ হৈছিল পুত্ৰ গৌতম আৰু এজন অধিবক্তা
বুবুক ২ লাখ ৩৫ হাজাৰ টকাৰ ছুপাৰি দিছিল পুত্ৰই
হত্যা–৪
শিৱসাগৰ জিলাৰ আমগুৰি
কংগ্ৰেছ নেতা হেমন্ত বৰুৱাক গুলীয়াই হত্যা
২ লাখ টকাৰ ছুপাৰি লৈছিল বুবুয়ে
হত্যা–৫
২০১০ চন
বেদবাৰীত বুবুয়ে গুলীয়াইছিল ব্যৱসায়ী প্ৰশান্ত বৰুৱাক
শূন্য দূৰত্বৰ পৰা গুলীয়াইছিল বুবুয়ে
হত্যাত ব্যৱহাৰ হৈছিল অত্যাধুনিক মাৰণাস্ত্ৰ
হত্যা–৬
২০০৬ চন
চিকিৎসক মৃদুল বৰুৱাক হত্যা
পৰিকল্পিতভাৱে শূন্য দূৰত্বৰ পৰা গুলী কৰিছিল বুবুয়ে

অধিক জানিবলৈ ক্লিক কৰক : আৰক্ষীৰ গুলীত নিহত কোন এই বুবু কোঁৱৰ?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...