এতিয়াৰে পৰা নিশা ফোন কৰি ধমকি দিব নোৱাৰিব ঋণ আদায়কাৰী এজেন্টে: ঋণ আদায়ৰ নিয়ম কটকটীয়া কৰিলে RBIয়ে, জাৰি কৰিলে বিজ্ঞপ্তি

ঋণ আদায়কাৰী এজেন্টসকলৰ দৌৰাত্ম্য আৰু গ্ৰাহকৰ ওপৰত কৰা মানসিক নিৰ্যাতন ৰোধ কৰিবলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI) এক বিশেষ নিৰ্দেশনা প্ৰকাশ কৰিছে। ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা সমগ্ৰ দেশজুৰি কাৰ্যকৰী হ’বলগীয়া এই নতুন নিয়মসমূহে বেংক তথা অনা-বেংকিং বিত্তীয় প্ৰতিষ্ঠানসমূহৰ (NBFC) পৰা ঋণ লোৱা লাখ লাখ গ্ৰাহকক সুৰক্ষা প্ৰদান কৰিব।

ৰিকভাৰী এজেন্টসকলৰ বাবে নতুন নীতি-নিয়ম:

  • যোগাযোগৰ সময়সীমা: ঋণ আদায়কাৰী এজেন্টসকলে গ্ৰাহকক কেৱল পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৭ বজাৰ ভিতৰতহে ফোন বা যোগাযোগ কৰিব পাৰিব।
  • পূৰ্ববৰ্তী জাননী: গ্ৰাহকৰ ঘৰ বা কাৰ্যালয়লৈ এজেন্ট প্ৰেৰণ কৰাৰ অতি কমেও ১ দিন পূৰ্বে লিখিত বা ইলেকট্ৰনিক মাধ্যমেৰে জাননী দিয়াটো বাধ্যতামূলক।
  • কল ৰেকৰ্ডিং: ৰিকভাৰী সম্পৰ্কীয় সকলো ফোন কলৰ অডিঅ’ ৰেকৰ্ডিং বেংকে ৬ মাহ পৰ্যন্ত সুৰক্ষিতভাৱে ৰাখিব লাগিব।
  • প্ৰশিক্ষণ আৰু সত্যতা প্ৰমাণ: সকলো ৰিকভাৰী এজেন্টে ‘ইণ্ডিয়ান ইনষ্টিটিউট অৱ বেংকিং এণ্ড ফাইনেঞ্চ’ৰ (IIBF) প্ৰমাণপত্ৰ ধাৰণ কৰাটো জৰুৰী। অনুমোদিত এজেন্টসকলৰ তালিকা বেংকৰ ৱেবছাইটত ৰাজহুৱা কৰিব লাগিব।
  • ভাবুকি আৰু নিৰ্যাতন নিষিদ্ধ: ঋণ আদায়ৰ নামত কোনো ধৰণৰ ধমকি, গালাগালি, সামাজিক মাধ্যমত অপমান কৰা বা ব্যক্তিগত তথ্যৰ অপব্যৱহাৰ কৰাটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।

মোবাইল/ডিভাইছ লক কৰা আৰু জৰিমনাৰ নিয়ম:

  • কেৱল মোবাইল বা অন্য ডিভাইছ ক্ৰয়ৰ বাবে লোৱা ঋণৰ ক্ষেত্ৰতহে ফ’ন লক কৰাৰ নিয়ম প্ৰযোজ্য হ’ব।
  • সময়সীমা: কিস্তি পৰিশোধ নকৰাৰ ৩০ দিন সম্পূৰ্ণ নোহোৱালৈকে ডিভাইছত কোনো ধৰণৰ বাধা আৰোপ কৰিব নোৱাৰিব। ৬০ দিন অতিক্ৰম কৰিলেহে ফ’ন সম্পূৰ্ণ লক কৰিব পৰা যাব।
  • জৰুৰীকালীন সেৱা অব্যাহত: ফ’ন লক হৈ থকা অৱস্থাতো ইনকামিং কল, SMS আৰু জৰুৰীকালীন SOS সেৱা বন্ধ কৰিব নোৱাৰিব।
  • পলম হ’লে ক্ষতিপূৰণ: গ্ৰাহকে বকেয়া ধন পৰিশোধ কৰাৰ ১ ঘণ্টাৰ ভিতৰত ডিভাইছটো আনলক কৰি দিব লাগিব। ১ ঘণ্টাতকৈ পলম হ’লে বেংকে গ্ৰাহকক প্ৰতি ঘণ্টাত ২৫০ টকা হাৰত ক্ষতিপূৰণ দিব লাগিব।
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘অনশন’ অথবা ‘পদযাত্ৰা’ৰ হুংকাৰ; দিল্লীত আটক নেতাসকলৰ মুক্তিৰ দাবীত সৰৱ সোনম ৱাংচুক

লাডাখৰ সমাজকৰ্মী সোনম ৱাংচুকে আজি দিল্লীত আটক কৰা নেতাসকলক...

ৰতন লহকৰৰ সপোনৰ কহিনুৰৰ যৱনিকা; কান্দি কান্দি কহিনুৰ বন্ধৰ ঘোষণা তপন লহকৰৰ

অসমৰ ভ্ৰাম্যমান নাট্যজগতলৈ আহিল এক দুঃখবৰ। ১৯৭৬ চনত ৰতন...

ISLৰ নতুন ছিজনৰ বাবে সাজু নৰ্থইষ্ট ইউনাইটেড

আজিৰে পৰা আৰম্ভ হৈছে ভাৰতীয় ফুটবলৰ অন্যতম শীৰ্ষ প্ৰতিযোগিতা...