এতিয়াৰে পৰা বিনামূলীয়া হৈ নাথাকে UPI সেৱা! লোকসভাত গৃহীত হ’ল নতুন সংশোধনী বিধেয়ক

ইউনাইটেড পেমেণ্টছ ইণ্টাৰফেচ (UPI) আৰু অন্যান্য সূচিত ইণ্ডিয়া ইলেকট্ৰনিক পেমেণ্ট মাধ্যমৰ জৰিয়তে কৰা লেনদেনত বেংক আৰু সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহক মাচুল সংগ্ৰহৰ অনুমতি প্ৰদান কৰিবলৈ চৰকাৰক কৰ্তৃত্ব দি লোকসভাত বিধেয়ক গৃহীত কৰা হৈছে। এই উদ্দেশ্যে ‘পেমেন্ট এণ্ড ছেটেলমেন্ট চিষ্টেমছ এক্ট, ২০০৭’ (Payment and Settlement Systems Act, 2007)ৰ সংশোধন কৰা হৈছে।

  • বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উত্থাপন কৰা ‘টেক্সেচন এণ্ড আডাৰ ল’জ (এমেণ্ডমেন্ট) বিল, ২০২৬’ (Taxation and Other Laws (Amendment) Bill, 2026) লোকসভাত ধ্বনিভোটেৰে গৃহীত হয়। চৰকাৰে গ্ৰাহক আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে ডিজিটেল পেমেণ্ট সেৱাত এক সামান্য মাচুল ধাৰ্য কৰাৰ পথ প্ৰশস্ত কৰিছে, যাতে বেংক, পেমেণ্ট চাৰ্ভিছ প্ৰভাইডাৰ (PSP) আৰু ডিজিটেল পেমেণ্ট প্ৰণালী চলাই থকা প্ৰতিষ্ঠানসমূহৰ বাবে এক বহনক্ষম ৰাজহ আৰ্হি (Sustainable Revenue Model) গঢ়ি তুলিব পৰা যায়। এই সংশোধনীয়ে বেংক আৰু পেমেণ্ট সেৱা প্ৰদানকাৰীসকলক মাৰ্চেন্ট ডিছকাউণ্ট ৰেট (MDR) আৰোপ কৰাত থকা আইনী নিষেধাজ্ঞা বিলোপ কৰিব।
  • ইউপিআই লেনদেনত মাচুল: এতিয়ালৈকে RTGS আৰু NEFTৰ জৰিয়তে কৰা লেনদেনত সেৱা মাচুল আছিল যদিও UPI লেনদেনসমূহ মাচুলমুক্ত আছিল। নতুন বিল গৃহীত হোৱাৰ লগে লগে এতিয়াৰে পৰা ইউপিআই লেনদেনতো নিয়ন্ত্ৰিত মাচুল আৰোপ কৰাৰ বাট মুকলি হ’ল।
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীত CJPৰ প্ৰতিবাদ; অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক আজি আদালতত হাজিৰ কৰোৱা হ’ব

শনিবাৰে দিল্লী মেট্ৰ’ৰ ৰাজীৱ চক, নতুন দিল্লী, চেণ্ট্ৰেল ছেক্ৰেটেৰিয়েট,...

‘অনশন’ অথবা ‘পদযাত্ৰা’ৰ হুংকাৰ; দিল্লীত আটক নেতাসকলৰ মুক্তিৰ দাবীত সৰৱ সোনম ৱাংচুক

লাডাখৰ সমাজকৰ্মী সোনম ৱাংচুকে আজি দিল্লীত আটক কৰা নেতাসকলক...

ৰতন লহকৰৰ সপোনৰ কহিনুৰৰ যৱনিকা; কান্দি কান্দি কহিনুৰ বন্ধৰ ঘোষণা তপন লহকৰৰ

অসমৰ ভ্ৰাম্যমান নাট্যজগতলৈ আহিল এক দুঃখবৰ। ১৯৭৬ চনত ৰতন...