‘স্কাৰ্ট বা জিন্সৰ অনুমতি নাই’; মধ্যপ্ৰদেশৰ মন্দিৰসমূহৰ বাহিৰত লগোৱা পোষ্টাৰে সৃষ্টি কৰিছে বিতৰ্কৰ

জব্বলপুৰৰ মন্দিৰসমূহত মিনি স্কাৰ্ট বা জিন্স পৰিধান কৰি প্ৰৱেশ নিষেধ! মধ্যপ্ৰদেশৰ জব্বলপুৰৰ প্ৰায় ৪০টা মন্দিৰৰ বাহিৰত মহিলাসকলৰ বাবে নতুন পোচাক-নিৰ্দেশনা জাৰি কৰি পোষ্টাৰ লগোৱা হৈছে। এই পোষ্টাৰসমূহত ‘মহাকাল সঙ্ঘ আন্তৰ্জাতিক বজৰং দল’ নামৰ এটা সংগঠনৰ নাম উল্লেখ কৰা হৈছে। পোষ্টাৰত দাবী কৰা হৈছে যে, মন্দিৰত প্ৰৱেশৰ বাবে ভাৰতীয় সংস্কৃতি অনুসৰি পোচাক পৰিধান কৰিব লাগিব। এই ঘটনা পোহৰলৈ অহাৰ পিছত চহৰখনত তীব্ৰ চৰ্চাৰ সৃষ্টি হৈছে।

জব্বলপুৰৰ বিভিন্ন মন্দিৰৰ বাহিৰত এই বিতৰ্কিত পোষ্টাৰ দেখা গৈছে। পোষ্টাৰত লিখা আছে, “যদি আপুনি মিনি স্কাৰ্ট, জিন্স-টপ বা পশ্চিমীয়া পোচাক পৰিধান কৰি আহে, তেন্তে কৃপা কৰি বাহিৰৰ পৰাই মন্দিৰ দৰ্শন কৰক। মন্দিৰত প্ৰৱেশৰ বাবে মহিলাসকলে ভাৰতীয় সংস্কৃতি মানি পোচাক পৰিধান কৰিব লাগিব।” ইয়াৰ উপৰিও মহিলাসকলক মন্দিৰত প্ৰৱেশৰ সময়ত মূৰ ঢাকি ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। এই পোষ্টাৰ লগোৱাৰ কাৰণ ব্যাখ্যা কৰি সংগঠনটোৱে জনাইছে যে, তেওঁলোকৰ মূল উদ্দেশ্য হৈছে ভাৰতীয় সংস্কৃতিৰ সংৰক্ষণ।

‘মহাকাল সঙ্ঘ আন্তৰ্জাতিক বজৰং দল’ৰ জিলা মিডিয়া ইনচাৰ্জ অংকিত মিশ্ৰই এই পোষ্টাৰ লগোৱাৰ কথা স্বীকাৰ কৰিছে। তেওঁ জনাইছে যে, চহৰৰ ৩০ৰ পৰা ৪০টা বিখ্যাত মন্দিৰৰ বাহিৰত এই পোষ্টাৰ লগোৱা হৈছে আৰু ভৱিষ্যতে আৰু আন কেইটামান মন্দিৰতো লগোৱা হ’ব। তেওঁৰ মতে, “ধৰ্মীয় ক্ষেত্ৰত মহিলাসকলে অগ্ৰণী ভূমিকা পালন কৰে। ভাৰতীয় সংস্কৃতি ৰক্ষাৰ দায়িত্ব তেওঁলোকৰ হাতত। সেয়েহে মন্দিৰলৈ আহোঁতে তেওঁলোকক ভাৰতীয় ঐতিহ্য অনুসৰি পোচাক পৰিধান কৰিবলৈ অনুৰোধ জনোৱা হৈছে।”

এই পোষ্টাৰক লৈ জব্বলপুৰত বিতৰ্কৰ সৃষ্টি হৈছে। চহৰৰ নাৰী অধিকাৰ সংগঠনৰ কৰ্মী তথা আইনজীবী ৰঞ্জনা কুৰাৰিয়াই কয়, “আমি কি পোচাক পিন্ধিম, সেয়া সিদ্ধান্ত লোৱাৰ অধিকাৰ কেৱল আমাৰ। আমি যি পোচাকত স্বাচ্ছন্দ্য অনুভৱ কৰো, সেই পোচাক পৰিধান কৰিব পাৰো। কোনোৱে আমাৰ ওপৰত সেয়া জোৰ কৰি দিব নোৱাৰে, আনকি অনুৰোধো কৰিব নোৱাৰে।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ; বানপীড়িত বিদ্যালয় আৰু শিক্ষাৰ্থীলৈ সাহায্য ঘোষণা

ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ উচ্চশিক্ষাক উৎসাহিত কৰাৰ উদ্দেশ্যৰে মুখ্যমন্ত্রী ড° হিমন্ত...

থাইলেণ্ডত ফুটবল মেচ চলি থকাৰ সময়তে বজ্ৰপাত: ২৪ বছৰীয়া ফুটবলাৰৰ কৰুণ মৃত্যু, আহত আন ১২ জন

থাইলেণ্ডৰ দক্ষিণাঞ্চলৰ নাৰাথিৱাত প্ৰদেশৰ ছুংগাই গোলক চহৰৰ শান্তিপাপ ষ্টেডিয়ামত...

গুৱাহাটী-তেজপুৰ সংযোগী ৪ লেনযুক্ত নতুন ঘাইপথঃ ৮,৯৭০ কোটি টকাৰ প্ৰকল্পত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

সমগ্ৰ অসমবাসীৰ বাবে এটা সু-খবৰ। কেন্দ্ৰীয় চৰকাৰে আজি গুৱাহাটী...