ট্ৰাম্পৰ নীতিৰ বিৰুদ্ধে মাত মতাৰ ‘শাস্তি’; বিপাঙত পৰিছে ১৩৯গৰাকী চৰকাৰী কৰ্মচাৰী

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নীতিৰ বিৰোধিতা কৰি বিপাঙত পৰিছে আমেৰিকাৰ চৰকাৰী পৰিৱেশ সংস্থা এনভায়ৰনমেণ্টেল প্ৰটেকশ্যন এজেন্সী (ইপিএ)ৰ ১৩৯জন কৰ্মী। সম্প্ৰতি ট্ৰাম্পৰ পৰিৱেশ সম্পৰ্কীয় নীতিৰ সমালোচনা কৰি এখন চিঠিত এই কৰ্মীসকলে গণস্বাক্ষৰ কৰিছিল। বিগত সপ্তাহত চিঠিখন চৰ্চালৈ আহে। তাৰ পিছতেই চিঠিত স্বাক্ষৰ কৰা ১৩৯জন কৰ্মীক ছুটীত পঠিওৱা হৈছে।

বৃহস্পতিবাৰে ইপিএৰ তৰফৰ পৰা এটা বিবৃতিত কোৱা হৈছে যে, যদি কোনো আমোলাই চৰকাৰী নীতিৰ অযথা বিৰোধিতা কৰে, তেন্তে তাক সহ্য কৰা নহ’ব। জনমানসত বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ চিঠি লিখাৰ বাবেই এই ১৩৯জন কৰ্মীক ছুটীত পঠিওৱা হৈছে বুলি বিবৃতিত জনোৱা হৈছে।

সংবাদ সংস্থা ৰয়টাৰ্ছৰ খবৰ অনুসৰি, চিঠিখনত ইপিএৰ বৰ্তমানৰ কৰ্মীৰ লগতে বহু প্ৰাক্তন কৰ্মীৰো স্বাক্ষৰ আছে। যদিও প্ৰকাশ্যলৈ অনা চিঠিখনত কৰ্মীৰ নামসমূহ গোপন ৰখা হৈছে। চিঠিত অভিযোগ কৰা হৈছে যে, পৰিৱেশ নীতিৰ প্ৰতি গুৰুত্ব নিদি ট্ৰাম্প প্ৰশাসনে প্ৰদূষণকাৰীসকলক সুবিধা প্ৰদান কৰিছে। ইয়াৰ উপৰিও, ট্ৰাম্পে অধিক জীৱাশ্ম ইন্ধন ব্যৱহাৰৰ অনুমতি দি যি নিৰ্দেশনামাত স্বাক্ষৰ কৰিছিল, তাৰো বিৰোধিতা কৰা হৈছে।

ইপিএই আমেৰিকাত মানুহৰ স্বাস্থ্য আৰু পৰিৱেশ সম্পৰ্কীয় বিষয়ত গৱেষণা চলায় আৰু চৰকাৰক প্ৰস্তাৱ বা পৰামৰ্শ দিব পাৰে। সম্প্ৰতি এই সংস্থাৰ কাঠামোত কেইবাটাও পৰিৱৰ্তন কৰা হৈছে। সংস্থাৰ গৱেষণা শাখা বন্ধ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। লগতে, গৱেষণা খণ্ডৰ বাবে কেইবা কোটি টকাৰ অনুদান বন্ধ কৰাৰ সিদ্ধান্তো লৈছে ট্ৰাম্প প্ৰশাসনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...